বিজ্ঞানভাল খবৰস্বাস্থ্য

জটিল অস্ত্ৰোপচাৰ কৰিব ৰবাটে

জটিল অস্ত্ৰোপচাৰৰ কামত চিকিৎসকসকলে এতিয়াৰ পৰা ব্যৱহাৰ কৰিব ৰবটক। সম্প্রতি যুক্তৰাষ্ট্ৰৰ গৱেষকসকলে অস্ত্রোপ্ৰচাৰৰ কামত ব্যৱহাৰোপযোগী বিশ্বৰ সকলোতকৈ ক্ষুদ্ৰ ৰবট তৈয়াৰ কৰিছে। এই ৰবট তৈয়াৰ কৰোতে মহাকাশযান তথা মবাইল ফোনত ব্যৱহাৰ কৰা প্রযুক্তি ব্যৱহাৰ কৰিছে তেওঁলোকে। ৰবটটোৰ নাম ভাৰসিয়াচ। ই মানুহৰ হাতৰ অনুকৰণ কৰিব পাৰে। প্রচলিত অপেন ছাৰ্জাৰিৰ ক্ষেত্ৰত নানাধৰণৰ সৰু ছিদ্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। ইয়াৰ ভিতৰত আছে হার্নিয়া মেৰামতি, কলেষ্টৰেল অপাৰেচন,প্ৰষ্টেট, নাক,কাণ, গলৰ ছাৰ্জাৰি আদি। এই প্রক্রিয়াত জটিলতা আৰু অস্ত্ৰোপচাৰৰ পাছত বিষ কম হয়। অপাৰেচনৰ সময়ত অপাৰেচন থিয়েটাৰত থ্রিডি স্ক্রিনত ইয়াৰ নিয়ন্ত্রণ কৰে ছাৰ্জনে। বর্তমান বিভিন্ন ছাৰ্জাৰি পদ্ধতিতে ইয়াক ব্যৱহাৰ কৰা সহজ হৈ পৰিব। ইয়াৰ বাহিৰেও আকাৰত সৰু হোৱাৰ বাবে বর্তমান যিবোৰ বৃহৎ যন্ত্র ব্যৱহাৰ কৰা হয়, তাৰ তুলনাত ইয়াক কম আয়তন লাগে। অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত ৰবটটিক বিপ্লৱ ঘটাবলৈ হলে ৰবটটিক বহুমুখী কামত পাৰদৰ্শী আৰু সৰু আয়তনৰ হব লাগিব। যাতে চিকিৎসকে ইয়াক সহজতে লৈ ফুৰিব পৰা ধৰণৰ হয়। এই ৰবটটিক বিশেষকৈ লেপাৰস্কপিক ছাৰ্জাৰিৰ বাবে তৈয়াৰ কৰা হৈছে। ইয়াৰ প্ৰধান সুবিধা হল ই মানুহৰ দৰে কাম কৰে।

Tags

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close