
প্রেম কৰি ভালপােৱা বলিউডৰ তাৰকা অভিনেতা ছৈইফ আলী খানে কৰিনা কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হােৱা ছৈইফ আলীৰ জীৱনলৈ আকৌ আহিছে নতুন প্রেম। শেৱালিৰ সুগন্ধিত সম্প্রতি বিলীন হৈছে ছৈইফ আলীৰ মন। যাৰ বাবে দিনে-নিশাই নতুন প্রেমিকাৰ সৈতে ব্যস্ত ছৈইফ। শেহতীয়াকৈ কৰীনাৰ সৈতে আৰু কিমান বছৰ বিবাহ সম্পৰ্ক ৰক্ষা কৰিব সেয়া নিশ্চিত হােৱা নাই। অৱশ্যে এয়া ৰীয়েল লাইফত নহয় ৰীল লাইফতহে। সদ্য মুক্তিপ্রাপ্ত ছৈইফ আলীৰ ছবি ‘জবানি জানে মন’ত অভিনয় কৰা এলিনা ফার্ণাণ্ডেজে ছৈইফ আলীৰ প্রশংসাত পঞ্চমুখ হৈ পৰিছে। এলিনাই ছৈইফৰ দুচকুত বিচাৰি পাইছে শেৱালিৰ সুগন্ধি। যাৰ বাবে এতিয়া টক শ্বত ছৈইফ আলীৰ গুণাগুণক লৈ ব্যস্ত নৱপ্ৰজন্মৰ হিয়াৰ আমঠু এলিনা।