আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

ছুপাৰ কম্পিউটাৰ উদ্ভাৱন

বর্তমান কম্পিউটাৰৰ যুগ। সেয়ে চৌদিশে এতিয়া কম্পিউটাৰৰ পয়ােভৰ দেখিবলৈ পােৱা যায়। এই যুগৰ সমান্তৰালকৈ বৈজ্ঞানিকসকলে শেহতীয়াকৈ বিশ্বৰ আটাইতকৈ শক্তিশালী ছুপাৰ কম্পিউটাৰ উদ্ভাৱন কৰি উলিয়াইছে। ইতিমধ্যে আটাইতকৈ দ্রুতগতিৰ কপিউটাৰৰ স্ফীকৃতি লাভ কৰিছে ছুপাৰ কম্পিউটাৰটোৱে। এই কম্পিউটাৰটো উদ্ভাৱন কৰিছে যুক্তৰাষ্ট্ৰৰ ডিপার্টমেন্ট অৱ এনার্জিছ ৱকৰিজ নেচনেল লেবৰেটৰিয়ে। এই বিশেষ কম্পিউটাৰটোৱে প্রতি ছেকেণ্ডত তিনি বিলিয়ন কেলকুলেচন কৰিব পাৰে। বৈজ্ঞানিকসকলৰ শেহতীয়া তথ্য অনুসৰি এই ছুপাৰ কম্পিউটাৰটোৰে গ্রাফি’ প্রচেছিং, আর্টিফিচিয়েল ইন্টেলেজেন্সি, মেচিন লার্ণিংসহ নানাবিধ কাম কৰিব পৰা যাব। যুক্তৰাষ্ট্ৰৰ বায়’এনার্জিৰ বৈজ্ঞানিকসকলৰ যুটীয়া প্রচেষ্টাত এই ছুপাৰ কম্পিউটাৰটো উদ্ভাৱন কৰা হৈছে। বৈজ্ঞানিকসকলে এই কম্পিউটাৰটোৰ নাম দিছে ‘চামিট’। এই কম্পিউটাৰটো পূর্বৰ ছুপাৰ কম্পিউটাৰ টানটেনতকৈয়াে অধিক বেছি শক্তিশালী। আন এক তথ্যত পােহৰলৈ আহিছে যে এই ছুপাৰ কম্পিউটাৰটোৰে বৈজ্ঞানিকসকলে বহু নতুন নতুন সমস্যাৰ সমাধান কৰিব পাৰিব। এই বিশেষ ছুপাৰ কম্পিউটাৰটোৰ আই বি এম এচি ৯২২। যিয়ে ৪৬০৮ টা কম্পিউটাৰৰ ক্ষমতা একেলগে এটা কম্পিউটাৰতে উপলব্ধ হ’ব। যত প্রত্যেকটো ডিভাইচত দুটাকৈ আই বি এম পাৱাৰ ৯ প্রচেচৰ থাকিব। ইয়াৰ উপৰি ছয়টা এন ভিডিয়া টেচলা ভি ১০০ গ্রাফি’ প্রচেছিং ইউনিট এক্লেলেৰেটৰ সংযুক্ত আছে। যিয়ে কম্পিউটাৰটোক দ্রুতগতি প্রদান কৰিব। উল্লেখ্য যে, বর্তমান এই কম্পিউটাৰটো বৈজ্ঞানিকসকলে ব্যৱহাৰ কৰিব যদিও পিছলৈ জনসাধাৰণৰ মাজলৈ অহাৰাে সম্ভাৱনা আছে। যিয়ে মানৱ জীৱনৰ বহুতাে কামত সহায়ক হােৱাৰ লগতে এই ছুপাৰ কম্পিউটাৰে যে বিশ্বত এক সুকীয়া পৰিচয় বহন কৰিব তাত কোনাে সন্দেহ নাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close