অসমবিশেষশীৰ্ষ

চৰ-চাপৰি শাখা সাহিত্য সভাৰ সাধাৰণ সভা : নতুন সমিতি গঠন

ৰূপজ্যোতি শইকীয়া,বিশ্বনাথ চাৰিআলি

অসম সাহিত্য সভাৰ কেন্দ্রীয় সমিতিৰ নিৰ্দেশমৰ্মে বিশ্বনাথ জিলা সাহিত্য সভাৰ অন্তৰ্গত সিপৰীয়া  চৰ-চাপৰি শাখা সাহিত্য সভাৰ সাধাৰণ সভা  দেওবাৰে বিয়লি সিপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় অমিয় ভবন প্ৰাঙ্গণত অনুষ্ঠিত হয়।”চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক গীতেৰে আৰম্ভ হোৱা সভাখনিৰ  সভাপতিত্ব কৰে শাখা সভাপতি  জামালুদ্দিন শ্বেখে। শাখা সাহিত্য সভাৰ উপসভাপতি  আবিদুৰ ৰহমান আতঁ ধৰা সভাখনিত পৰ্য্যবেক্ষক হিচাপে উপস্থিত থাকে বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ সম্পাদক অঞ্জন বৰা আৰু বিশ্বনাথ জিলা সাহিত্য সভাৰ চৰ-চাপৰি ভাষা বিকাশ উপসমিতিৰ আহ্বায়ক তথা কোমোৰাকাটি চৰ-চাপৰি শাখা সাহিত্য সভাৰ নবনিৰ্বাচিত সম্পাদক নুৰ হুছেইনে। সভাত অসম সাহিত্য সভাৰ আজীৱন সভ্য,সমাজসেৱক চৰকাৰী গাওঁবুঢ়া জনাব ইউনুছ আলি চাহাবৰ লগতে কেইবাজনো অতিথি উপস্থিত থাকে।  বৰাই  শাখা গঠনত অসম সাহিত্য সভাৰ সাংবিধানিক নীতি নিৰ্দেশনাৰ ওপৰত,আজীৱন সভ্যৰ ভৰ্তি আদি বিভিন্ন দিশত আলোচনা কৰে। বৰাই অসমীয়া ভাষা সংকটৰ কথা উল্লেখ কৰি আগন্তুক লোকপিয়ল ২০২১ সম্পৰ্কে জন সজাগতা সৃষ্টিৰ পোষকতা কৰে। সভাত উপস্থিত থকা হুছেইনে কয় যে অসম সাহিত্য সভাই  নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধীতা  কৰিছে। গতিকে আমিও এই আইন অমান্য কৰি অসমীয়া খিলঞ্জীয়া ভাষা প্ৰতিষ্ঠাৰ সংগ্ৰাম চলাই যাম। সভাত সিপৰীয়া চৰ-চাপৰি শাখা সাহিত্য সভাই  নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা আৰু শাখা নামাকৰণ সন্দৰ্ভত চৰ-চাপৰি শব্দ কাটি সিপৰীয়া শাখা সাহিত্য সভা নামে নামাকৰণৰ প্ৰস্থাব গ্ৰহণ কৰে। সভাত পুৰণা সমিতি ভংগ কৰি ২০২০-২০২২ বৰ্ষৰ বাবে নতুন শাখা সমিতি গঠন কৰা হয়। ম:আবিদুৰ ৰহমানক সভাপতি,জাহাংগীৰ হুছেইনক উপ-সভাপতি,প্ৰিন্স জেহিৰুল ইছলামক সম্পাদক,আলি আহমেদ আৰু ছফিকুল ইছলামক সহ:সম্পাদক হিচাপে ১৫জনীয়া শাখা সমিতি গঠন কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close