বিশেষশীৰ্ষ

চাহ ব’ৰ্ডৰ নতুন এপ মুকলি

চাহ উদ্যোগলৈ ভাল খবৰ। কিয়নো চাহ উদ্যোগৰ উৎপাদন অধিক স্বচ্ছ আৰু নিকা কৰাৰ মানসেৰে প্ৰতিস্থানটোৱে মুকলি কৰিছে এটি নতুন মবাইল এপ্লিকেচন এপ। এই নতুন মবাইল এপ্লিকেচনটোৰ নাম হল ‘চাই সহযোগ’। অলপতে তিনিচুকীয়া জিলাৰ তালাপৰ সঞ্জীৱনী চাহ ফেক্টৰীত এই এপটো মুকলি কৰে ভাৰতীয় চাহ বৰ্ডৰ উপ সঞ্চালক কমল চন্দ্ৰ বৈশ্যই। উল্লেখযোগ্য যে, এই এপটোৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়কসকলে বতৰৰ আগজাননী, চাহৰ উৎপাদন বৃদ্ধিৰ কৌশল আদিৰ দৰে বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব। নিসন্দেহে এই এপটোৱে চাহ উদ্যোগলৈ নতুন দিগন্তৰ বাট মুকলি কৰিব বুলি আশাপ্ৰকাশ কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close