শীৰ্ষসৃজন

চামগুৰিত থলুৱা চিত্ৰপটত ৰং-বুলনিৰে জ্যোতি প্ৰকাশ শীৰ্ষক অনুষ্ঠানৰ সফল সামৰণি

পঞ্চাশ বছৰ পুৰণি বাঁহেৰে থলুৱাভাৱে প্ৰস্তুত কৰা কেনভাছত চিত্ৰ অংকণ,দিব্যজ্যোতি ভূঞা

পঞ্চাশ বছৰ পুৰণি বাঁহৰ কামিৰে আৰু তামোলৰ বৌখাৰে থলুৱা ভাৱে প্ৰস্তুত কৰা কেনভাছত চিত্ৰ অংকণ কৰি আজি আমি গৌৰৱাম্বিত৷সম্ভৱত পৃথিৱীতে বিৰল এই কেনভাছ যদি সু- পৰিকল্পিত আৰু বিজ্ঞান সন্মতভাৱে প্ৰস্তুত কৰি ল’ব পৰা হয় তেনেহ’লে আৰ্থিক ভাৱে আমাৰ দৈন্য চিত্ৰশিল্পী সকলে কম খৰছত চিত্ৰ অংকণ কৰিব পৰিব তথা বিশ্বৰ বজাৰত ই সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব”—এই মন্তব্য স্বনামধন্য চিত্ৰশিল্পী গকুল ছেত্ৰীৰ৷নগাঁও জিলাৰ চামগুৰিস্থিত অন্যতম শিল্পানুষ্ঠান “ৰঙিলী শিল্পালয়,চিত্ৰাংকণ বিদ্যালয়ৰ ঊনবিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু মৃৎশিল্প আৰু হাতৰ আখৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ দিনযোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীত চিত্ৰশিল্পীগৰাকী উপস্থিত থাকি নিজৰ ভাষণ প্ৰসঙ্গত কয় যে,মই আৰু মোৰ সঙ্গী চিত্ৰশিল্পীসকলে আজি নতুন এক মাধ্যমত চিত্ৰ অংকণ কৰিবলৈ পায় অতিশয় আনন্দিত হৈছো৷এক বিৰল মূহুৰ্ত আৰু এক নতুন কামৰ মাজেৰে শিল্পী প্ৰাণৰ প্ৰকাশ কৰিবলৈ সুবিধা পালো৷ চামগুৰিৰ ভেলেউগুৰিস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত  দিনযোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে  অনুষ্ঠিত হোৱা “থলুৱা চিত্ৰপটত ৰং বুলনিৰে জ্যোতি প্ৰকাশ” শীৰ্ষক অনুষ্ঠানটি যোৱা ২৯ জুলাইত শুভ উদ্বোধন কৰে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে৷ পুৱা ৯ বজাত ৰঙিলী শিল্পালয়ৰ পতকা উত্তোলন কৰে শিল্পালয়ৰ সঞ্চালক দেৱ কান্ত বনিয়াই৷ ইয়াৰ পাছতে সমাজকৰ্মী বীৰেন বৰাই ডায়েটৰ চৌহ্ৰদত বৃক্ষৰোপন কাৰ্য্যসূচী সমাপন কৰাৰ পাছতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰা হয়৷অসমৰ পুৰনি বাদ্যযন্ত্ৰ “কালি” বাদনেৰে শিল্পী কলিৰাম বৰাই জাতীয় সঙ্গীত পৰিৱেশন কৰি মূল কাৰ্য্যসূচী শুভাৰম্ভ কৰে ৷ কৰ্মশালাৰ ৬৩ গৰাকী প্ৰশিক্ষাৰ্থীয়ে পৰিৱেশন কৰা আধুনিক গীত, নৃত্য আৰু চামগুৰিৰ মিৰদান গোষ্ঠীয়ে  নাট মঞ্চস্থ কৰাৰ সমান্তৰাল কৈ স্বনামধন্য চিত্ৰশিল্পীসকল ক্ৰমে গকুল ছেত্ৰী,প্ৰণৱ কুমাৰ শৰ্মা,মিন্টু ৰাজখোৱা,ময়ুৰ ফুকন আৰু জ্যোতিকা ভূঞাই থলুৱা চিত্ৰপটত চিত্ৰ অংকণ কৰাৰ লগতে বধিৰ বিদ্যা মন্দিৰৰ বধিৰ ছাত্ৰ-ছাত্ৰী সকল ক্ৰমে এনিশা বৰুৱা,অনন্যা শইকীয়া,পৰী শইকীয়া, অভিনৱ ৰবিদাস আৰু ছায়া বৰুৱাই চিত্ৰ অংকন কৰি এক দৃষ্টিনন্দন পৰিৱেশ সৃষ্টি কৰে ৷ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাক শিল্পালয়ৰ তৰফৰ পৰা ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে৷ বৰ্ণাঢ্য অনুষ্ঠানত যোৰহাটৰ কবি গুণীন বৰাই কবিতা আবৃত্তি কৰাৰ লগতে আবৃত্তিকাৰ,কবি বসন্ত কৌশিক ভাগৱতীয়ে বক্তৃতাৰ মাজতে বহুকেইটা কবিতা আবৃত্তি কৰে৷ অনুষ্ঠানত টেলিভিছনৰ জনপ্ৰিয় শিল্পী হিমাংশু বৰ্মন উপস্থিত থাকি ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন গাৰ্গৰ মাত নকল কৰি উপস্থিত শ্ৰোতা-দৰ্শকক আমোদ প্ৰদান কৰে৷ৰঙিলী শিল্পালয়ৰ সম্পাদক তথা ভাষ্কৰ্য্য শিল্পী বিপুল কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্য, শিল্পী নবিন বৰা, দেৱকান্ত হাজৰিকা, মুনমুন বসুমতাৰী উপস্থিত থকা ভাষণ প্ৰদান কৰাৰ লগতে দেৱ চাংমায়ে কেৰিকেছাৰ পৰিৱেশন কৰে ৷ কৰ্মশালাৰ সামৰণি তথা ৰঙিলী  শিল্পালয়ৰ ঊনবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানতে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতিক পৰিষদৰ ফলাফল ঘোষণা কৰি কৃতকাৰ্য্য লাভ কৰা সকলক অভিনন্দন জ্ঞাপন কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close