আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

চশমাৰে ফটো উঠক

এযােৰ বিশেষ চশমা। চশমাযােৰে বর্তমান সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। এই চশমাযােৰ সঁচাকৈয়ে আপুনি মই পিন্ধা চশমাযােৰতকৈ কিছু ব্যতিক্রম। কিয়নাে এই চশমাযােৰত আছে কেমেৰা। এই বিশেষ চশমাযােৰ নিৰ্মাণ কৰি উলিয়াইছে স্নেপচেটৰ অংগ প্রতিষ্ঠানটোৱে। শেহতীয়া তথ্য অনুসৰি বজাৰত চশমাযােৰৰ প্ৰথমটো সংস্কৰণৰ সফল পৰিসমাপ্তিৰ পাছত এই প্রতিষ্ঠানটোৱে দ্বিতীয়টো সংস্কৰণ মুকলি কৰিছে। পূর্বতকৈ নতুন সংস্কৰণটোত গ্লাছৰ ক্ষেত্ৰত অত্যাধুনিক ফিচাৰ সংযােজন কৰা হৈছে। এই বিশেষ চশমাযােৰৰ নাম স্পেকটেকচ। চশমাযােৰ প্রিমিয়াম ডিজাইনে অন্যৰ তুলনাত ব্যতিক্ৰম কৰি তুলিছে। এই চশমাযােৰত দুটাকৈ কেমেৰা লগােৱা হৈছে। এই কেমেৰাৰ জৰিয়তে ফটো উঠোৱাৰ লগতে ভিডিঅ’ কৰাৰাে সুবিধা আছে। চশমাযােৰ বর্তমান প্ৰাৰম্ভিক পর্যায়ত পৰীক্ষা-নিৰীক্ষা চলাই থকা হৈছে। চশমাযােৰ এলুমিনিয়াম ফ্রেমত তৈয়াৰী হােৱা বাবে ই যথেষ্ট পাতল। ফ্ৰেমখন গােলাকাৰ আকৃতিত বনােৱা হৈছে। চশমাযােৰৰ দুটি কোণত লগােৱা হৈছে দুটি কেমেৰা। লগতে চশমাযােৰ ৱাটাৰ প্রুফ। পানীৰ তলতাে এই চশমা পৰিধান কৰি অনায়াসে ফটো উঠাব পৰা যাব। ইয়াৰ উপৰি ফটোসমূহ থ্রীডি এফে” পােৱা যাব।চলিত বৰ্ষতেই এই চশমাযােৰ বজাৰত মুকলি কৰা হয়। ইয়াৰ বজাৰ মূল্য প্রায় ৩০০ ডলাৰ। উল্লেখ্য যে, দেশত প্ৰায়ে সংঘটিত হােৱা নাৰী নির্যাতন আদি ঘটনাসমূহক এই চশমাযােৰে কিছু পৰিমাণে ৰােধ কৰি নাৰীসকলক এক সুৰক্ষা প্রদান কৰিব পাৰিব বুলি দাবী প্রকাশ কৰিছে নির্মাতা প্রতিষ্ঠানটোৱে।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close