আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

চন্দ্ৰত খেতি

পূর্বৰ পৰাই আধুনিক প্রযুক্তিবিদ্যাৰে শীর্ষস্থান দখল কৰি আহিছে চীনে। কিন্তু এই বর্ষত চীনে মহাকাশ গৱেষণাৰ ক্ষেত্ৰতাে মন মেলিছে। গ্রহ নক্ষত্ৰক লৈ নাছাই পূর্বৰ পৰাই গৱেষণা চলাই আহিছে। সেয়ে এইবাৰ চীনে চন্দ্ৰক লৈ এটি পৰিকল্পনা হাতত লৈছে। শেহতীয়া তথ্য অনুসৰি চীনে বৃহত্তম মানমন্দিৰ স্থাপনৰ পাছতেই মঙল গ্রহ তথা অন্য গ্রহত অভিযান চলাই আহিছে। চন্দ্ৰৰ প্রতি আগ্রহী চীনে সেয়ে চলিত বৰ্ষত চাৰিটা পৰিকল্পনা হাতত লৈছে। পৰিকল্পনা অনুসৰি চীনে এখন যান চন্দ্ৰলৈ পঠিয়াব। এই বিশেষ যানখনত পঠোৱা হ’ব পৃথিৱীৰ কিছুমান উদ্ভিদ তথা কীট-পতংগ। চন্দ্ৰত উদ্ভিদ ৰােপণ তথা সেই পৰিৱেশত খাপ খােৱাকৈ থাকিব পৰা কীট-পতংগসমূহক তাত পৰীক্ষামূলকভাৱে মুকলি কৰি দিয়া হ’ব। কিন্তু এই বিশেষ অভিযান সফল হ’বলৈ কিছু সময়ৰ প্রয়ােজন হ’ব। চন্দ্ৰত অৱতৰণ তথা উদ্ভিদ ৰােপণৰ বাবে কিছু গৱেষণাৰ প্রয়ােজন। এক প্রতিবেদন অনুসৰি এটি বিশেষ এলুমনিয়ামৰ বাকচত কিছুমান ফুলজাতীয় উদ্ভিদ, বীজ আৰু কীট-পতংগ সমূহ পঠোৱা হ’ব। এই বিশেষ বাকচটো ডিজাইন কৰিছে ঝাং উয়াংঝুনে। উদ্ভিদসমূহৰ স্থান নির্ণয় কৰিব চীনৰ বিশেষ ৰবৰ্ট যানখনে। মাটি পৰীক্ষাৰ অন্তত ক্রমান্বয়ে উদ্ভিদগসমূহ ৰােপণ কৰা হ’ব। পূর্বৰ পৰাই চন্দ্ৰক লৈ বহু বৈজ্ঞানিকে বহু তথ্য আগবঢ়াইছে। কোনােৰ মতে চন্দ্ৰত পানীৰ সন্ধান পাইছে। একাংশৰ মতে আকৌ প্ৰণীৰ সন্ধান পাইছে। সেয়ে এইবাৰ চীনে চন্দ্ৰত উদ্ভিদ ৰােপণৰ পৰিকল্পনা হাতত লৈছে। যদিহে এই পৰিকল্পনা সফল হয় তেন্তে ই হ’ব চীনৰ বৃহত্তম আৱিষ্কাৰ।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close