আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

চন্দ্রপৃষ্ঠত বৰফ

চন্দ্রযানৰ এক বৃহৎ সফলতা। কিয়নাে চন্দ্রপৃষ্ঠত সন্ধান পােৱা গৈছে বৰফৰ। চন্দ্রপৃষ্ঠৰ এটি বৃহৎ এলেকাত আছে ৱাটাৰ আইচ’অর্থাৎ বৰফ। এই বৰফ গলিব ললেই চন্দ্ৰত পানীৰ সৃষ্টি হ’ব। এই দাবী উত্থাপন কৰিছে নাছাই। চন্দ্রপৃষ্ঠৰ উত্তৰ আৰু দক্ষিণ মেৰুত বৰফৰ এই অৱস্থিতি ধৰা পেলাইছে ভাৰতে প্ৰেৰণ কৰা চন্দ্রযানে। ইয়াৰ জৰিয়তে সংগ্রহ কৰা বিভিন্ন আলােকচিত্রই এই কথাই প্রমাণ কৰিছে।২০০৮-২০০৯ চনতেই এই আলােকচিত্রসমূহ সংগ্রহ কৰা হৈছিল। চন্দ্রপৃষ্ঠত বৰফৰ অৱস্থিতি ধৰা পেলাবলৈ ইতিমধ্যে বহু গৱেষণা অব্যাহত ৰাখিছিল বৈজ্ঞানিকৰ দলটোৱে। অৱশেষত যেন নাছাৰ সেই ভৱিষ্যৎবাণী সত্য প্রমাণিত হ’ল। নাছাই দাবী কৰা মতে চন্দ্রপৃষ্ঠৰ ক’লা অংশসমূহত ধৰা পৰিছে বৰফৰ অৱস্থিতি। যন্দ্রযান-১ৰ দা মুন মিনাৰ’লজী মেনাৰ নামৰ চন্দ্রযানখনে সংগ্রহ কৰা তথ্য তথা আলােকচিত্ৰসমূহৰ আধাৰত এইবাৰ চন্দ্ৰত পানীৰ সন্ধান সম্পর্কীয় গৱেষণাৰ কাম সহজসাধ্য হৈ উঠিছে। চন্দ্রপৃষ্ঠত সন্ধান পােৱা সেই বিশাল আকৃতিৰ বৰফ এটা অংশতে জমা হৈ আছে। ইয়াৰ বিপৰীতে উত্তৰ মেৰুত ধৰা পৰা বৰফসমূহ বিস্তৃত এলেকাত সিঁচৰতি হৈ আছে। অন্য এক তথ্যত পােহৰলৈ আহিছে যে, চন্দ্ৰৰ এই অন্ধকাৰ অংশত তাপমাত্রা কেতিয়াও মাইনাছ ১৫৭ ডিগ্ৰীৰ ওপৰত নুঠে। ইয়াৰ উপৰি এই এলেকাত কেতিয়াও সূৰ্যৰ ৰশ্মি প্রৱেশ কৰিব নােৱাৰে। সেয়ে চন্দ্রপৃষ্ঠৰ এই ক’লা অংশটোক ‘চন্দ্ৰৰ কলংক’ বুলি অভিহিত কৰা হয়। উল্লেখ্য যে, ইয়াৰ পূর্বেও বৈজ্ঞানীকসকলে চন্দ্ৰত বৰফৰ অৱস্থিতিৰ ইংগিত দিছিল। কিন্তু প্রমাণৰ অভাৱত সেয়া গ্রহণযােগ্য নহ’ল। কিন্তু এইবাৰ বৰফৰ অৱস্থিতি সম্পর্কে পূর্বে কৰা বৈজ্ঞানিকৰ ধাৰণা সত্য প্রমাণিত হ’ল। এক কথাত ক’বলৈ গলে নাছাৰ বৈজ্ঞানিকসকলৰ ই এক বৃহৎ সফলতা বুলিয়ে অভিহিত কৰিব পাৰি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close