অসমবিশেষশীৰ্ষ

চতিয়াত উন্নত প্ৰজাতিৰ গাই বিতৰণ

চন্দন শৰ্মা, জামুগুৰিহাট

চতিয়া সমষ্টিৰ ২০ টা কৃষি গোটলৈ গাখীৰ উৎপাদনৰ বাৱে ২৪ জনী অষ্টেলিয়ান প্ৰজাতিৰ গাঁই গৰু শুক্ৰবাৰে বিধায়ক পদ্ম হাজৰিকাই বিতৰণ কৰে ৷ গাখীৰ উৎপাদনৰ জৰিয়তে স্বাৱলম্বী হবলৈ বিধায়ক পদ্ম হাজৰিকাই সমষ্টিটোৰ নিবনুৱা যুৱক-যুৱতী সকলকলৈ গঠন কৰা ৪ শ কৃষি গোটৰ ভিতৰৰে ২০টা গোটক গাখীৰ উৎপাদনৰ বাবে এই অষ্টেলিয়ান প্ৰজাতিৰ গাঁই গৰু বিতৰণ কৰে ৷ গৰু বিতৰণ কৰি বিধায়ক পদ্মই কয় বহিঃৰাজ্যত কাম কৰা মোৰ সমষ্টিৰ তিনিহেজাৰ যুৱক ঘৰলৈ ওভতি আহি কৃষি কৰ্মত জড়িত হৈ পৰিছে ৷ অসমৰ মূখ্যমন্ত্ৰীয়ে চতিয়া সমষ্টিৰ নিবনুৱা যুৱক-যুৱতী সকল স্বাৱলম্বী হব পৰা বিভিন্ন কৰ্ম আচঁনি ৰূপায়নৰ বাবে পাইলক্ট প্ৰজেক্ট হিচাপে নিৰ্ব্বাচন কৰিছে ৷ এই উদ্দেশ্যৰে মই সমষ্টিটোত গো-পালন, গাহৰি পালন, মসৎ উৎপাদনকে ধৰি বিভিন্ন লঘু উদ্যোগ স্থাপন কৰিছো আৰু সফলো হৈছো৷ ইতিমধ্যে সমষ্টিটোৰ চাৰিশ কৃষি গোটত চাৰিহেজাৰ নিবনুৱা যুৱক-যুৱতীৰ জড়িত হৈ বিভিন্ন কৃষি কৰ্ম্মত জড়িত হৈ পৰা দেখা গৈছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close