আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

চকলেটৰ ঘৰ

চৌদিশে কেৱল চকলেট। চকলেটৰ ঘৰ, চকলেটৰ গছ-গছনি, চকলেটৰ নিজৰা। মুঠৰ ওপৰত চকলেটৰ এখন পৃথিৱী। আৰু এই সপােন প্ৰতিগৰাকী চকলেটপ্রেমীৰ। কিন্তু এই সপােনে যেন বাস্তৱ ৰূপ পালে ফ্রান্সত। অবিশ্বাস্য যেন লাগিলেও এয়াই বাস্তৱ সত্য। শেহতীয়া তথ্য অনুসৰি পেৰিচৰ দক্ষিণ-পশ্চিম প্রান্তত অৱস্থিত চেভৰেচ অঞ্চলত নির্মাণ কৰি উলিয়াইছে এই বিশেষ চকলেটৰ ঘৰটো। নির্মাণকাৰী শিল্পীগৰাকীৰ নাম জ-লুক দেকুজিউ। তেওঁ চকলেটৰ শিল্পকর্মৰ বাবে খুবেই বিখ্যাত। এই ব্যতিক্রমী ঘৰটোৰ নাম ৰখা হৈছে ‘হম ছুইট হ’ম। আক্ষৰিক আৰু অর্থগত দিশৰ পৰা চাবলৈ গ’লে নামৰ সামঞ্জস্য খুবেই মন কৰিবলগীয়া। চকলেট হয়তাে সকলােৰে প্রিয়। শিশুৰ পৰা বৃদ্ধলৈকে সকলােৰে প্রিয় এই চকলেট। আৰু এই অবাস্তৱ সপােনৰ পৃথিৱীখনক বাস্তৱ ৰূপ দিয়াৰ যেন এক চমু প্রয়াস। শিল্পীগৰাকীৰ হাতৰ পৰশত যেন একো বস্তুৰেই বাদ পৰি ৰােৱা নাই। এখন ঘৰৰ সমান্তৰালকৈ সামগ্রিক দিশটোকো ফুটাই তুলিছে চকলেটৰ মাধ্যমেৰে। ঘৰটোৰ চাদ, জুইশাল, ঘড়ী, কিতাপ-পত্র, ফুল, পুখুৰী আদিও নির্মাণ কৰা হৈছে চকলেটৰ দ্বাৰা। এই সামগ্রিক পৰিৱেশটো দেখি প্রতিজন লােকেই হতবাক হৈ পৰিছে। সকলােৰে এটাই কথা জ-লুক দেকুজিউ সঁচাকৈয়ে মহান। তেওঁৰ চিন্তাধাৰা সঁচাই ব্যতিক্রম। বর্তমান ছ’ছিয়েল মিডিয়াতাে ভাইৰেল হৈ পৰিছে এই ব্যতিক্রমী ঘৰটোৰ ছবি। যদিহে আপুনি এই চকলেটৰ ঘৰটোত অতিথি হিচাপে যাবলৈ মন মেলিছে তেন্তে তাৰ বাবে আছে কিছু বিশেষ নিয়ম। কাৰণ এই ঘৰটো এবছৰত মাত্র দুবাৰেই অতিথিৰ বাবে মুকলি কৰি দিয়া হয়। বছৰটোৰ মাত্র দুটি দিন অর্থাৎ ৫ আৰু ৬ অবেৰত মুকলি কৰা হয় অতিথিসকলৰ বাবে। এই ব্যতিক্রমী ঘৰটোত আপুনি থাকিব বিচাৰিলে বহন কৰিব লাগিব ৫০ ইউৰাে খৰচ। প্রতি বছৰে এই ঘৰটোৰ অগ্রিম বুকিং আৰম্ভ হয় ছেপ্টেম্বৰ ১৯ আৰু ২৬ তাৰিখে। বুকিং অনুসৰি নির্দিষ্ট দিনত ঘৰটোৰ দুৱাৰ মুকলি কৰা হয়। যদিহে চলিত বৰ্ষত আপুনি ঘৰটো বুকিং কৰিব বিচাৰে তেন্তে অফিচিয়েল ৱেবচাইটৰ (Booking.com) সহায় ল’ব পাৰে। ইতিমধ্যেই ইণ্টাৰনেটত ভাইৰেল হৈ পৰা ঘৰটোৰ ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সকলােৱে ভ্ৰমণৰ বাবে উৎসুক হৈ পৰিছে। সকলােৰে আশা এবাৰ এই ঘৰটো স্বচক্ষুৰে প্রত্যক্ষ কৰা। ঘৰটোৰ নির্মাণকর্তা মিঃ দেকুজুউয়েও এই উৎসুকতা দেখি হতবাক হৈ পৰিছে। যথেষ্ট কষ্ট ঘাত-প্রতিঘাতৰ মাজেৰেই যেন এই সপােনে বাস্তৱ ৰূপ পালে। উল্লেখ্য যে, মিঃ দেকুজুউ এতিয়া যথেষ্ট সুখী কিয়নাে মানুহৰ হৃদয়ৰ এচুকত থকা এই সপােনটোক আজি তেওঁ বাস্তৱ ৰূপ দিয়াত সার্থক হৈছে। বর্তমানে সমগ্র বিশ্বৰ মাজতে মিঃ দেব্লুজিউয়ে চর্চা লাভ কৰাৰ সমান্তৰালকৈ তেওঁৰ ব্যতিক্রমী চকলেটৰ ঘৰ অর্থাৎ হ’ম ছুইট হ’মেও সকলােৰে দৃটি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close