অনুপ্রৱেশকাৰী যদিহে মানুহ হয় তেন্তে তাক বাধা দিবলৈ হাতত থাকে বহুতাে উপায় । অনুপ্রৱেশকাৰী যদি বান্দৰ হয় তেন্তে তাক খেদিবলৈয়াে আমাৰ হাতত আছে বহুতাে উপায় । পিছে এইবাৰ অনুপ্ৰৱেশকাৰীৰ ৰূপত এটা ঘৰিয়াল। তাকো আমেৰিকাৰ নেভীৰ এটা এয়াৰ বেছত। ফ্লৰিডাৰ জেকচনভেলি নেভেল এয়াৰ ষ্টেচনত এটা প্রকাণ্ড ঘৰিয়ালে বগালে দেৱাল। আৰু এতিয়া এই ভাইৰেল ভিডিঅ’ই চাঞ্চল্যৰ সৃষ্টি কৰিছে কেউপিনে। কিয়নাে ঘৰিয়াল সৰীসৃপ জীৱ। এনে প্ৰাণীয়ে বুকুৰে চুচৰি যায় বাবে ইয়াক সৰীসৃপ হিচাপে শ্রেণীভুক্ত কৰা হৈছে। পিছে সৰীসৃপ এই ঘৰিয়াল দেৱালবগালে কেনেকৈ তাক লৈ আৰম্ভ হৈছে। তীব্র কৌতৌহলৰ। এয়া প্রাণীবিধৰ ক্ৰমবিকাশৰ কাৰণ নেকি ? এতিয়া কেউদিশে এই লৈ সৰৱ চর্চা।