বিশেষশীৰ্ষ

ঘড়ী বাঁওহাতত পিন্ধাৰ অন্তৰালৰ কাহিনী

অধিকাংশ মানুহেই ঘড়ী বাঁও হাতত পিন্ধিবলৈ পছন্দ কৰে। কিন্তু ইয়াৰ অন্তৰালতাে বহু কাৰণ নিহিত হৈ আছে। এইসন্দৰ্ভত এদল গৱেষকে চলােৱা গৱেষণাত বহু তথ্য পােহৰলৈ আহিছে।যদিহে শৰীৰৰ গঠনক গুৰুত্ব প্রদান কৰা হয় তেন্তে পুৰুষে সোঁহাতত আৰু মহিলাই বাঁও হাতত ঘড়ী পিন্ধা উচিত বুলি বিবেচিত হয়। কিন্তু এই নিয়ম বহু সংখ্যকে মানি ল’বলৈ নিবিচাৰে। সেয়ে এই প্রশ্নৰ উত্ৰ বিচাৰি ইতিহাসৰ পৃষ্ঠা লুটিয়াবলগীয়া হয়। তেতিয়াই পােহৰলৈ আহে ঘড়ী আৱিষ্কাৰৰ কাহিনী। বিশ্বৰ প্ৰথমটো ঘড়ী মানুহে পকেটত লৈ ফুৰিছিল। সেইসময়ত এইঘড়ীয়ে বিশেষ জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। ঘড়ী যে হাততাে পিন্ধিব পৰা যায় সেই কথা সেই সময়ত কোনেও জনা নাছিল। কিন্তু ব্যুৰ’যুদ্ধৰ সময়ত এদল সৈনিকে চামৰাৰ ষ্ট্ৰাপত ঘড়ীটো বান্ধি পােনপ্ৰথমে হাতত পিন্ধিব ল’লে। তেওঁলােকৰ মূল লক্ষ্য আছিল মিলিটাৰী অপাৰেচনৰ প্রতিটো মিনিট লিপিবদ্ধ কৰা। আৰু এই সময় লিপিবদ্ধ কৰা সময়ত বাৰে বাৰে পকেটৰ পৰা ঘড়ী উলিয়াই সময় চোৱাটো বৰ কষ্টকৰ হৈ পৰে। আৰু সেই সময়ৰ পৰাই হাতত ঘড়ী পিন্ধা নিয়ম প্রচলন হয়। অন্য এক সমীক্ষাত পােহৰলৈ আহিছে যে হাত ঘড়ীৰ জন্ম লগ্নৰ পৰাই ঘড়ী বাঁওহাততে পিন্ধা হৈছিল। ইয়াৰ কাৰণ আছিল মাত্র এটাই। সেই সময়ৰ ঘড়ী আছিল যথেষ্ট দুর্বল। সেয়ে সহজে যাতে ই ভাঙি নাযায় তাৰ প্রতি লক্ষ্য ৰখা হৈছিল। আৰু ইয়াৰ স্থায়ী সমাধান বিচাৰি পাইছিল ঘড়ী বাঁওহাতত ঘড়ী পিন্ধাতাে সুৰক্ষিত বুলি বিবেচিত হৈছিল। কিয়নাে বিভিন্ন কাম কৰিবলৈ সোঁ হাতখনৰহে প্রয়ােজন কিন্তু বাঁওহাতৰ প্রয়ােজন নাই। সেয়ে যদি বাঁওহাতত ঘড়ী পিন্ধা যায় তেন্তে ই ভঙাৰ আশংকা কম থাকে। আৰু তেতিয়াৰ পৰাই ঘড়ী বাঁওহাতত পিন্ধাৰ পৰম্পৰা আৰম্ভ হয়। ইতিহাসৰ উপৰি এই সম্পর্কে বৈজ্ঞানিকসকলে বহু সমীক্ষাত বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। সমীক্ষাত প্রমাণিত হৈছে যে সৰহ সংখ্যক মানুহেই সকলাে কাম সোঁ হাতেৰে কৰি ভাল পায়। আৰু সোঁ হাতৰ গতিবিধি বিচাৰ কৰিলে সোঁ হাততকৈ বাঁওহাতত ঘড়ী পিন্ধিলে সময় চোৱাৰ যথেষ্ট সুবিধা হয়। আৰু যদি সোঁহাতত ঘড়ী পিন্ধা হয় তেন্তে কাম কৰাৰ লগতে সময় চাবলৈয়াে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। এই কথাৰ প্রতি লক্ষ্য ৰাখিয়েই তেতিয়াৰ পৰাই মানুহে বাঁও হাতত ঘড়ী পিন্ধিবলৈ লয়। উল্লেখ্য যে, এসময়ত ঘড়ীক ভঙাৰ পৰা বচাবলৈ মানুহে ঘড়ীক বাঁওহাতত পিন্ধিবলৈ লৈছিল যদিও শেষত গৈ ই এক ফেশ্বনলৈ ৰূপান্তৰিত হ’ল। আৰু এই ফেশ্বনে কেতিয়া এক অভ্যাসলৈ ৰূপান্তৰিত হ’ল সেই কথা বর্তমান এক সাঁথৰৰ লেখীয়া হৈ পৰিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close