অসমবিশেষশীৰ্ষ

গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বৰনগৰ আঞ্চলিক সমিতিৰ তৃতীয় বাৰ্ষিক অধিবেশন

ছহিজুল আলী, সৰভোগ

গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বৰনগৰ আঞ্চলিক সমিতিৰ তৃতীয় বাৰ্ষিক সন্মিলন ১৬ আৰু ১৭ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সৰভোগৰ ডেকাৰবড়ীত অনুষ্ঠিত কৰা হয়। অধিৱেশনৰ প্ৰথমদিনা পুৱা ৯.৩০ বজাত পৰিষদৰ পতাকা উত্তোলন কৰে বৰনগৰ আঞ্চলিক সমিতিৰ সভাপতি মহিবুল আলী আহমেদে। তাৰ পিছতে শ্বহীদ তৰ্পণ কৰে, বৰনগৰ আঞ্চলিকৰ সম্পাদক ইনছান আলীয়ে। বৰনগৰ আঞ্চলিক সমিতিৰ সভাপতি মহিবুল আলী আহমেদে পুৱা ১০ বজাত গছপুলি ৰোপণ কৰে। দিনৰ ১২ বজাত বিভিন্ন প্ৰতিযোগিতামূলক খেল-ধেমালিৰ লগতে অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আবেলি ৩ বজাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰনগৰ আঞ্চলিক মহিলা সমিতি এখন গঠন কৰা হয়। তাৰপিছতে দ্বিতীয় দিনা পুৱা ৯.৩০ বজাত প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয়।

সভাত মহিবুল আলী আহমেদক সভাপতি আৰু মুকুল আলীক সাধাৰণ সম্পাদক হিচাপে লৈ বৰনগৰ আঞ্চলিকৰ ৪১ জনীয়া নতুন সমিতিখন গঠন কৰা হয়। আবেলি ৪ বজাত মুকলি সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থকা গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আজিজুল ৰহমানে কয় যে, অতীতৰ পৰা নিজকে অসমীয়া বুলি পৰিচয় দিয়া স্বদেশ প্ৰেমৰ বাবে নিজৰ বুকু পাতি দিয়া গৰিয়া-মৰিয়া-দেশীসকল আজি অস্তিত্বৰ সংকটত। অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজ্জামিল হ’ক, মফিজুদ্দিন আহমেদ, অসম আন্দোলনৰ শ্বহীদ চেৰিবুদ্দিনকে ধৰি বহুতো খিলঞ্জীয়া মুছলমানে যেতিয়া যি সমস্যাৰ সৃষ্টি হৈছে আগভেটি গৈ প্ৰাণ আঁহুতি দি অসম আৰু অসমীয়াৰ স্বাভিমানক ৰক্ষা কৰিছে। সভাত আন এগৰাকী বক্তা তথা সদৌ অসম খিলঞ্জীয়া মঞ্চৰ সদস্য সচিব মৃণাল হাজৰিকাই কয় যে, অসমীয়া জাতিটো গঢ় লৈছিল সামন্ত যুগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত। বৃটিছসকল অহাৰ পিছত হে অসমৰ জাতি গঠন প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হৈছে। এতিয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভাজন হ’ল। গৰিয়া-মৰিয়া-দেশীসকলো অসমীয়া। তেওঁলোকে ভাগ হৈ যোৱাৰ মানসিকতা ল’ব নালাগে। নহ’লে অসমীয়া বুলি পৰিচয় দিবলৈ এটা সময়ত অসমত কোনো নাথাকিব। সভাত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক চহিদ আলী, বৰপেটা জিলা সমিতিৰ সভাপতি আতিকুল হ’ক, নলবাৰী জিলাৰ সভাপতি ৰিয়াজুল হ’ক, বঙাইগাঁও জিলাৰ সভাপতি ফৰিজুল হ’ক, বৰপেটা জিলা সমিতিৰ সম্পাদক চলমান আলী,  বাক্সা জিলা সমিতিৰ সম্পাদক আজিজুল হক উপস্থিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close