স্বাস্থ্য

গৰমত ঘামৰ দুৰ্গন্ধ আৰু ইয়াৰ প্ৰতিকাৰ

নিলয় ৰাভা

গৰমত শৰীৰৰ পৰা ঘাম ওলোৱাটো স্বাভাৱিক। কিন্তু কিছু ব্যক্তি এনেও আছে যি ঠাণ্ডাটো ঘামে। শৰীৰ ঘমাটো চিন্তনীয় নহয়,ই প্ৰকৃতিৰ নিয়ম। বৰঞ্চ নঘমাটোহে শৰীৰ পক্ষে বেয়া।কিন্তু কোনো কোনো ব্যক্তিৰ ঘামে ইমানেই বেছি দুৰ্গন্ধৰ সৃষ্টি কৰে যে নিজেও অসস্তিত ভুগেই লগতে অন্য জনেও নাক কোঁচাই। ঘাঁমৰ এনে দুৰ্গন্ধৰ পিছত কাৰক হৈ ৰৈছে বিভিন্ন বেক্টেৰিয়া। যিয়ে নেকি বহু সময়ত বহু ৰোগৰো কাৰক হৈ পৰে। ঘামৰ এনে দুৰ্গন্ধ দূৰ কৰাৰ উদ্দেশ্যে অনেকেই ডিঅ’ডৰেন্ট ব্যৱহাৰ কৰে যদিও এটা নিৰ্দিষ্ট সময়লৈকেহে এই কৃত্ৰিমতাই কাৰ্য্য কৰে। তাৰ পাছত আকৌ প্ৰকট হৈ উঠে এই ঘামৰ সমস্যা। তেনে জানো আহক আজি ঘামৰ এনে সমস্যাৰ পৰা হাত সৰাৰ ঘৰুৱা কিছু উপায়…
নেমুৰ ৰস: নেমুৰ ৰসে শৰীৰৰ পি এচ লেভেল কমাই দিয়ে ফলত শৰীৰত বেক্টেৰিয়া সৃষ্টি হব নোৱাৰে। ইয়াৰ বাবে নেমু এটি কাটিলৈ টুকুৰা বোৰ কাষলতিৰ তলত ভালদৰে ঘঁহক আৰু কিছু সময়ৰ পাছত গা ধুই লব। এইয়া তেতিয়া পৰ্যন্ত কৰক যেতিয়ালৈ শৰীৰৰ দুৰ্গন্ধ সমূলি দূৰ হৈ নাযায়।
বিলাহী: বিলাহীৰ এন্টিচেপটিক উপাদানসমূহে বেক্টেৰিয়া বিনাশ কৰাত বিশেষ ভূমিকা লয়।

ফলত ঘামৰ পৰা দুর্গন্ধ সৃষ্টি হব নোৱাৰে। ইয়াৰ বাবে ৭/৮ টি বিলাহীৰ ৰস বাহিৰ কৰি লওক আৰু এবালটি পানীত ৰস খিনি মিলাই দি সেই পানীৰে গা ধুওক। নিয়মিত এনে কৰিলে কিছুদিনৰ ভিতৰতেই ঘামৰ পৰা ওলোৱা দুর্গন্ধ নোহোৱা হব।
প্রতিদিনে বিলাহীৰ এগিলাচ ৰস খালেও এনে ক্ষেত্ৰত সুফল পোৱা যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close