চিন্তাজগতবিশেষ

গ্রন্থ আন্দোলনৰ অন্য এক মাধ্যম : ছ’চিয়েল মিডিয়া

কংকনজ্যোতি ভূঞা

গ্রন্থ মানৱ জীৱনৰ অমূল্য সম্পদ। সভ্যতাৰ বিকাশত যুগে যুগে গ্রন্থই গ্রহণ কৰে বৰণীয়া ভূমিকা। প্রসিদ্ধ লেখক হােমেন বৰগােহাঞিয়েও কিতাপত ‘জীৱনৰ সঞ্জীৱনী সুধা বুলি কৈছে। মানসিক সেতুবন্ধনৰ ৰচনাৰে ছ’চিয়েল মাধ্যমৰ জৰিয়তে গ্রন্থ চেতনা সৃষ্টি কৰাৰ নিমিত্তে সাতদিনত নিজৰ সাতখন প্রিয় গ্রন্থৰ বেটুপাতৰ ফটো ফেচবুকত শ্বেয়াৰ কৰি আগুৱাই নিবলৈ অন্য এজনৰ নাম মনােনীত কৰি শৃংখল সৃষ্টিৰে যি জ্ঞান বিস্তাৰৰ মেলালৈ ৰূপান্তৰ কৰাত বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ এই যুগত কিতাপৰ প্রতি হেৰাই যােৱা প্রাচুর্য ঘূৰাই অনা পৰিলক্ষিত হৈছে। অসমৰ জাতীয় জীৱনৰ উন্নতিৰ বাবে ৰাজ্যৰ লেখক-লেখিকা তথা প্রকাশকসকলে পাঠকৰ বাবে যােগান ধৰা বিভিন্ন কিতাপসমূহ যেনে দেশ-বিদেশৰ বিৱৰণ, ভ্রমণ কাহিনী, অন্ধবিশ্বাস নিমূলকৰণৰ লক্ষ্যৰে বিজ্ঞানৰ বিচিত্র আৱিষ্কাৰ, জাগতিক তথ্য আৰু মনােবিজ্ঞানৰ পুথিৰ বেটুপাতসমূহ ফেচবুকত আপলােড কৰাৰ ফলত আমি মানৱ মনৰ বিভিন্ন ক্রিয়া-প্রক্রিয়াৰ বিষয়ে বহুতাে নজনা কথা জানিব পাৰিছাে।।

সম্প্রতি ছ’চিয়েল মেডিয়া সামাজিক উত্তৰণৰ বিশাল বটবৃক্ষলৈ পৰিণত হৈছে। কিন্তু জীৱনত অর্থই অনর্থ ঘটোৱা আমাৰ গাঁৱলীয়াসকলৰ হৰি কথাতকৈ চাউল মুঠিয়ে ডাঙৰ হৈছে। যাৰ বাবে একেলগে জ্ঞান আৰু আনন্দ লাভ কৰিব পৰা কিতাপ পঢ়াৰ দৰে সজ কৰ্মৰ প্রতিও আমাৰ সৰহসংখ্যক ছাত্র-ছাত্রী মুঠেও অনুৰাগ দেখা নাযায়। ফলত কিতাপ পঢ়াতকৈ বৰং অতিত’ত বহি আৰ-তাৰ লগত অলাগতিয়াল কথা পাতি ফেচবুকত বিভিন্ন ফটো, পােষ্টেৰে কিছুমানে ফেচবুক ফেনেকি সময় নষ্ট কৰে। ইফালে ইয়াকে মূল সমল হিচাপে লৈ ৰাজ্যত বর্তমান সংঘটিত হৈ থকা উৰাবাতৰি, অবাস্তৱ তথা সােপাধৰাৰ আতংকৰে জনগণক বিভ্রান্ত, বিপথগামী কৰি আমাক সত্য-অসত্যৰ দোমােজাত পেলাই জনস্বার্থ নির্মমভাৱে পদদলিত কৰি পেলাইছে। ক্রমাৎ বাঢ়িছে আনৱীয় কাণ্ডৰ মিছিল। গতিকে, সামাজিক মাধ্যমক এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণৰ ফলত গ্ৰন্থৰ প্রতি মােহভংগ হােৱা আমাৰ নতুন চামৰ লােপ পােৱা নিজস্ব চিন্তা শক্তিক ভাৱ-বিলাসী আৰু বাস্তৱ বিমুখ কৰি তুলিছে।বিশাল বিশ্বৰ কোটি কোটি মানৱৰ বিভিন্ন ভাৱধাৰাক, বিভিন্ন সমাজৰ কৃষ্টি-সংস্কৃতি, ৰীতি-নীতি, অন্ধবিশ্বাস, কুসংস্কাৰবােৰ আঁতৰাই ঐক্যৰ এনাজৰীৰে বান্ধি বসুবৈধ কুটুম্বকট’ কৰি গঢ়ি তুলিব পৰাটোৱেই একবিংশ শতিকাৰ বিশ্ব মানৱৰ সার্থকতা।

কিতাপৰ বেটুপাতৰ এই খেলটোৱে তেনেধৰণৰ কৱলৰপৰা মুক্ত কৰি আজিৰ সুসভ্য মানৱৰ, সুখ-দুখৰ বেথা-বেদনাৰ দৈনন্দিন লগৰী বার্তাদূত ফেচবুকক উন্মুক্তভাৱে জন দেৱতাৰ সেৱাৰ মনােভাৱ লৈ পৱিত্র দায়িত্ব পালনত অগ্রসৰ হৈছে। | ফেচবুক অপব্যৱহাৰ কৰি যিসকলে আত্মৰম্ভিকতাৰ চৰম নিদর্শন দেখুৱাইছে, এই কিতাপৰ বেটুপাতৰ খেলখনৰ জৰিয়তে জ্ঞান অন্বেষণৰ পথ প্রশস্ত কৰি সেইসকলৰ নৈতিক চৰিত্ৰৰ পৰিৱৰ্তন কৰিব লাগিব। সােপাধৰা আতংক, অন্ধবিশ্বাসৰ ত্রাণকর্তাৰ ভূমিকাৰে নৰমেধ যজ্ঞৰ আয়ােজনকাৰীৰ হাতৰ পৰা ফেচবুকৰ শক্তি কাঢ়ি আনি শান্তিকামী জনতাৰ হাতত অৰ্পণ কৰিব লাগিব। যিসকলে ভুৱা বাতৰিৰে ৰাজ্যত হত্যা-হিংসা বিয়পাই আত্মতৃপ্তি লাভ কৰিছে, যিসকলে মানুহৰ আর্তনাদ চাই সন্তুষ্টিৰ হাঁহি মাৰিছে, তেনে হৃদয়হীন অমানুহ তথা সর্বধ্বংসী মাৰণাস্ত্র নির্মাণকাৰী কালপ্রিটবােৰৰ পৰা আজুৰি আনি ফেচবুকক শান্তিপ্রিয় ভাৰতবাসীৰ আজ্ঞাবাসী ভৃত্যৰূপে গঢ়ি তুলি কেৱল কল্যাণৰ বাবে প্ৰয়ােগ কৰিব লাগিব। বর্তমান সময়ত এই মােলেৰে ফেচবুকীয়ানসকলৰ মনত কিতাপৰ প্রতি অনুৰাগ সৃষ্টি কৰি মােৰ বােধেৰে গ্ৰন্থ আন্দোলনৰ প্রয়ােজন আহি পৰিছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close