অসমবিশেষশীৰ্ষ

গোৱালপাৰাত ৰাভা হাছং সাংস্কৃতিক আৰু ৰাভা চুক্তিৰ ৰূপালী জয়ন্তী সমাৰোহ উদযাপন

খগেন্দ্ৰ ৰাভা, দুধনৈ

১১ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ চাৰি দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে গোৱালপাৰা জিলাৰ মাকৰি-দাৰিদুৰিস্থিত ৰেন্দু -পেন্দু হাচুৰ (পাহাৰৰ) বিশাল সমতল ভূমিত সাংস্কৃতিক সমাৰোহ আৰু ৰাভা চুক্তিৰ ৰূপালী জয়ন্তী সমাৰোহ উদযাপন কৰা হব।প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ১০-৩০ বজাত শ্বহীদ তৰ্পণ কৰিব ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভাই।

  ইয়াৰ পাছতে জনগোষ্ঠীয় সাজ-পাৰৰ প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰিব ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভাই । আবেলি ১-৩০ বজাত সাংস্কৃতিক সমাৰোহৰ শুভ উদ্বোধন কৰিব অসমৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে । উদ্বোধনী অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ আঙুৰলতা ডেকা উপস্থিত থাকিব । তদুপৰি দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক ৰাভা, গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকা, গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, আৰছুৰ সভাপতি নৃপেন খান্দা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী হিমা ৰাভা, সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি প্ৰকাশ ৰাভা, আক্ৰাছুৰ উপ সভাপতি কমল ৰায় আৰু গাৰো ছাত্ৰ সন্থাৰ (অসম মণ্ডলৰ) সভাপতি ফলডিন আৰ মাৰাক । আবেলি ২-৩০ বজাত “কাষ্টমাৰী ল’ অৱ ৰাভা” আৰু ৰাভা, অসমীয়া, ইংৰাজী ত্ৰি-ভাষিক অভিধান উন্মোচন কৰা হব । ৩-৩০ বজাত কাৰ্বি, হাজং আৰু ৰাভা জনগোষ্ঠীৰ লোক নৃত্যৰ লগতে বিভিন্ন জনগোষ্ঠীৰ লোক সংগীতৰ অনুষ্ঠান অনুষ্ঠিত হব । সন্ধিয়া ৬ বজাত অনুষ্ঠিত হব সাংস্কৃতিক সন্ধিয়া ৷ৰাভা হাছং পৰিষদৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্যা যতীকা ৰাভাই সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰিব ৷ নিশা জনপ্ৰিয় কণ্ঠ শিল্পী পাঞ্চুনা ৰাভা, ব্ৰজ কুমাৰ ৰাভা, এছ কুমাৰৰ লগতে কেইবাগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close