অসমবিশেষশীৰ্ষ

গোমাফুলবাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উৎসৱত গ্ৰন্থ উন্মোচন-বিশিষ্ট ব্যক্তি,সাংবাদিকক সম্বৰ্ধনা

বৰপেটাৰ চেঙা-বহৰি অঞ্চলৰ প্ৰথমখন অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ শতবাৰ্ষিকী উৎসৱ

বৰপেটাৰ ঐতিহ্যমণ্ডিত বহৰিৰ গোমাফুলবাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উৎসৱ অনুষ্ঠানৰ প্ৰথমটো দিনতে “খাগৰি কলম” স্মৰণিকা গ্ৰন্থ উন্মোচন কৰাৰ লগতে বিভিন্ন প্ৰান্তৰ সাহিত্যিক, লেখক, সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। চেঙা-বহৰি অঞ্চলৰ প্ৰথমখন অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ শতবাৰ্ষিকী উৎসৱ আজিৰে পৰা পাঁচদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচী চলি আছে। সেই উপলক্ষে সাংবাদিক মাইনুল হক চৌধুৰীৰ সম্পাদনাত প্ৰকাশিত এই গ্ৰন্থখন উন্মোচন কৰে শিক্ষাৰত্ন, সাহিত্যিক পেঞ্চনাৰ অক্ষয় কুমাৰ মিশ্ৰই । গ্ৰন্থখনত পূৰ্ববংগীয় মূলৰ মুছলমানৰ কৰ্মৰাজী, চিন্তা, ভাৱনা, অঞ্চলৰ ঐতিহ্য সন্নিৱিষ্ট থাকে। গ্ৰন্থখন উন্মোচন কৰি সাম্প্ৰতিক জটিল সময়ত সাংবাদিক, লেখকসকলে বৌদ্ধিক নেতৃত্ব দিব লাগিব বুলি কৈ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই পুনৰ কয় যে পূৰ্ববংগীয় মূলৰ মুছলমানৰ সকল অসমীয়া ভাষা সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত অৱদান যোগোৱা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। পৃথিৱীতকৈ ডাঙৰ গ্ৰন্থ নাই বুলি উল্লেখ কৰি তেওঁ কয় যে গ্ৰন্থ অধ্যয়ণে মানুহৰ চিন্তা, চেতনা, কৰ্মক অগ্ৰগতিলৈ লৈ যায়। উদীয়মান যুৱক আশ্ৰাফুল হুছেইন আৰু সাংবাদিক মইনুল হক চৌধুৰীয়ে আতঁধৰা  উন্মোচনী সভাত অংশ গ্ৰহণ কৰি আসাম টকচৰ ইনপুট এডিটৰ ভাস্কৰজ্যোতি বৰাই কয় যে অতিতৰে পৰাই ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰ বিন্দু স্বৰূপ বৰপেটাৰ বহৰিত স্থাপিত তথা শতবর্ষ অতিক্ৰমী গোমাফুলবাৰী প্ৰাথমিক বিদ্যালয়খনে এই অঞ্চলৰ লোকসকল শিক্ষাৰ ক্ষেত্ৰত যে আগবঢ়া সেইয়া প্ৰতিপন্ন কৰি দেখুৱাইছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে । সভাত লেখক দীনেশ দাসেও অতি গুৰুত্বপূৰ্ণ ভাষণ ৰাখে। আজিৰে পৰা পাঁচদিনীয়াকৈ আৰম্ভ হোৱা শতবৰ্ষ উৎসৱৰ দ্বাৰ মুকলি কৰে চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক মুক্তাৰ হুছেইন খানে। মঞ্চ উদ্বোধন কৰে চেঙা চক্ৰ বিষয়া ৰাজীৱ দাসে। স্মৃতিগ্ৰন্থ উন্মোচনৰ লগত সংগতি ৰাখি “ব্ৰেকিং নিউজ ২৪ অসম” ৰ মূখ্য সম্পাদক তথা সাংবাদিক পুলেন্দ্ৰ দাস, পৰিচালন সম্পাদক তথা সাংবাদিক আজিজুল হক, সাংবাদিক ক্ৰমে  তফিকুৰ ৰহমান, দোষ্ট হাফিজুৰ ৰহমান, চাহেদ আলী আহমেদ, চাইজুৰ ৰহমান, বাপকন দাস, কাৰ্তিক ওজা , মফিদুল হক, মহিদুল ইছলাম, দিলীপ তালুকদাৰকে ধৰি কেইবাগৰাকীক বিদ্যালয়ৰ নাম অংকিত ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close