বিশেষশীৰ্ষ

গুৱাহাটী আই আই টি ৰ যুগান্তকাৰী পদক্ষেপ

পৰীক্ষাগাৰত প্ৰস্তুত কৰিছে মাংস

ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান (আই আই টি) য়ে আনিছে সু খবৰ। কিয়নো তেওঁলোকৰ দীৰ্ঘদিনীয়া সপোনে পালে বাস্তৱ ৰূপ। শেহতীয়াকৈ গুৱাহাটীৰ গৱেষকসকলে পৰীক্ষাগাৰত প্ৰস্তুত কৰি উলিয়াইছে কুকুৰা, ছাগলী আদি মাংস। এই মাংসসমূহৰ পুষ্টিগত গুণৰ লগতে সোৱাদো একেই। শেহতীয়া তথ্য অনুসৰি প্ৰতিষ্ঠানখনৰ বায়’মেটেৰিয়েল আৰু টিচু ইঞ্জিনীয়াৰিঙৰ পৰীক্ষাগাৰত সম্পূৰ্ণ প্ৰাকৃতিক তথা বিজ্ঞানসন্মতভাবে এই মাংসসমূহ প্ৰস্তুত কৰা হৈছে।আই আই টি গুৱাহাটীৰ চিকিৎসক ডাঃ বিমান বী. মন্ডলৰ এক তথ্যত পোহৰলৈ আহিছে যে এক কিলোগ্ৰাম কুকুৰাৰ মাংস উৎপাদন কৰিবলৈ প্ৰয়োজন হয় ৪,০০০ লিটাৰ পানী। ইয়াৰ বিপৰীতে এক কিলোগ্ৰাম ছাগলীৰ মাংস উৎপাদন কৰিবলৈ প্ৰয়োজন হয় ৮,০০০ লিটাৰ পানী।গুৰুত্বপূৰ্ণ কথা এয়া যে বৰ্তমানৰ জনসংখ্যাৰ বৰ্ধিত হাৰে ২০৫০ চনৰ ভিতৰত জনসংখ্যাৰ অনুপাতে মাংসৰ চাহিদা পূৰ্ণ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হব উদ্যোগসমূহৰ। এই দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই আই আই টি গুৱাহাটীয়ে এই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। যদিহে এই মাংস পৰ্যাপ্ত পৰিমাণে বজাৰত যোগান ধৰা হয় তেন্তে জীৱহত্যাও বহু পৰিমাণে হ্ৰাস হব বুলি এক সংবাদমেলত তেওঁলোকে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, আই আই টিৰ এই যুগান্তকাৰী পদক্ষেপক সকলোৱে আকোৱালি লোৱাৰ বিপৰীতে বজাৰত উপলব্ধ হোৱাৰ দিনটোলৈ অধীৰ আগ্ৰহেৰে বাদ চাইছে সকলোৱে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close