অসম

গুৱাহাটীৰ মাছখোৱাত অনুষ্ঠিত নৃত্যৰ ৰিয়েলিটি শ্ব’ত বিজয়ী গোৱালপাৰাৰ ৰূপৰেখা ডান্স গ্ৰুপ

খগেন্দ্ৰ ৰাভা

গুৱাহাটী মহানগৰৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই.টি.এ কেন্দ্ৰত যোৱা কালি “কিৰণ বড়ো ফাউডেশ্যন”ৰ উদ্যোগত অনুষ্ঠিত হোৱা “নাচ্” ছিজন-১ ৰিয়েলিটি শ্ব’ত চূড়ান্ত বিজয়ী লাভ কৰিবলৈ সক্ষম হৈছে ৰাভা হাছং পৰিষদৰ অন্তৰ্গত গোৱালপাৰাৰ ৰূপৰেখা নৃত্য দ’লে ৷ উক্ত নৃত্যৰ ৰিয়েলিটি শ্ব’ত অসমৰ বিভিন্ন ঠাইৰ নৃত্য শিল্পী সকলে অংশ গ্ৰহণ কৰিছিল যদিও গোৱালপাৰা জিলাৰ খেৰমোহৰাৰ ৰূপৰেখা নৃত্য দ’লৰ শিল্পী (যুৱতী) সকলে শেষ পৰ্যায়ত এটি কালজয়ী গীতত ভিক্ষাৰীৰ ৰূপত নৃত্য উপস্থাপন কৰি বিচাৰক আৰু দৰ্শকৰ হৃদয় চুবলৈ কৰিবলৈ সক্ষম হয়

অনুষ্ঠানত অসমৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পী, নৃত্য শিল্পী, অভিনেতা বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল ৷ ৰিয়েলিটি শ্ব’ৰ বিজয়ী ৰূপৰেখা নৃত্য দলটিক আযোজক সকলে নগদ ধন, ট্ৰফী আৰু আটাইকেইজন নৃত্য শিল্পীক এখনকৈ মান পত্ৰ প্ৰদান কৰে আৰু ভৱিষ্যত উজ্বল কামনা কৰে ৷ উল্লেখ্য যে, ৰূপৰেখা নৃত্য দলৰ শিল্পী সকলে ৰাভা হাছং পৰিষদ এলেকাৰ খেৰমোহৰা নামেৰে এটি সৰু গাৱত বসবাস কৰি প্ৰতিভাৱান নৃত্য শিল্পী (যুৱতী) সকলে অসমৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা ৰিয়েলিটি শ্ব’ত অংশ গ্ৰহণ কৰি এটাৰ পিছত এটাকৈ বিজয়ী লাভ কৰি সমগ্ৰ ৰাভা হাছঙত গৌৰৱ বুটুলিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে বড়োলেণ্ডত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা ৰিয়েলিটি শ্ব’ত নিজৰ প্ৰতিভা প্ৰদৰ্শিত কৰি চূড়ান্ত পৰ্যায়ত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close