অসমশীৰ্ষ

প্ৰদূষণ মূক্ত অসমৰ স্বপ্ন

মানুহে প্ৰকৃতিক ভাল পাব লাগিব : সৰ্বানন্দ সোণোৱাল

প্ৰদূষণমুক্ত অসমৰ স্বপ্ন দিঠকত পৰিণত কৰাৰ বাবে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা পৰিকল্পনাৰ অংগ হিচাপে আজিৰে পৰা অসমত আৰম্ভ হৈছে পোন্ধৰখন বৈদ্যুতিক বাছৰ চলাচল। আজি খানাপাৰাস্থিত অসম প্ৰাধিকাৰী মহাবিদ্যালয়ৰ প্ৰাঙ্গণৰ পৰা পোন্ধৰখন বাছৰ আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰথমাৱস্থাত  পোন্ধৰখন বাছ গুৱাহাটীত চলাচল কৰা হ’ব। শুভাৰম্ভণি বাছৰ আঁত ধৰি অসম ৰাজ্যিক পৰিৱহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ টিৱাৰীয়ে কয় যে প্ৰদূষণমুক্ত অসম গঢ়াৰ সপোন সকলোৱে মিলি সম্ভৱপৰ কৰি তুলিব লাগিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰচনা কৰা সপোন সফল কৰিবলৈ সকলোৱে প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে দেখুৱা পদ অনুসৰণ কৰি ৰাজ্যত বৈদ্যুতিক বাছ চলাচল কৰা সম্ভৱপৰ হৈ উঠিল। অচিৰেই ৰাজ্যই দ্বিতীয় ফেমত এশখন বৈদ্যুতিক বাছ লাভ কৰিব। আজিৰে পৰা অসম ভাৰতৰ বৈদ্যুতিক বাছ চলাচল কৰা পাঁচখন আগশাৰী ৰাজ্যৰ ভিতৰত পৰিগণিত হৈছে। আনহাতে পৰিৱহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্ট ৰয়ে কয় যে ৰাজ্যত প্ৰদূষণমুক্ত বাতাবৰণ সৃষ্টি কৰাৰ বাবে বৈদ্যুতিক বাছৰ চলাচল গুৰুত্বপ্ৰদান কৰা হৈছে। ইয়াৰ বাবে কেন্দ্ৰৰ ষাঠি শতাংশ বিনিয়োগ আৰু ৰাজ্যৰ চল্লিশ শতাংশ বিনিয়োগৰ দুৱাৰা বাহনসমূহ ক্ৰয় কৰা হৈছে। প্ৰথম অৱস্থাত গুৱাহাটীত পোন্ধৰখন বাছৰ চলাচলত সফলতা লাভ কৰাৰ পিছত ৰাজ্যত এশখন বাছ চলাচল কৰা হ’ব। ইয়াৰে ২৫খন বাছ যোৰহাটত, ২৫ বাছ শিলচৰত আৰু ৫০খন বাছ কামৰূপত চলাচল কৰা হ’ব বুলি উল্লেখ কৰে। আনহাতে অনুষ্ঠানত উপস্থিত থাকি পৰিৱহণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যত বায়ু প্ৰদূষণ ৰোধী বৈদ্যুতিক বাছ চলাচলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে উদ্যোগ গ্ৰহণ কৰাৰ লগতে ইয়াৰ দ্বাৰা যাতে ব্যৱসায়ীক দিশতো লাভান্বিত হ’ব পাৰি তাৰ উদ্যোগ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। ইতিমধ্যে হাঙেৰীৰ চৰকাৰী বৈদ্যুতিক বাছ নিৰ্মাতা কোম্পানী এটাৰ সৈতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বাৰ্তালাপ চলিছে আৰু অচিৰেই সেই সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব। এই চুক্তি স্বাক্ষৰিত হ’লে প্ৰতিষ্ঠানটোৱে অসমত তেওঁলোকৰ এটা বৈদ্যুতিক বাছ নিৰ্মাণ কৰা ইউনিট স্থাপন কৰিব। অসমত ব্যৱহাৰৰ বাবে বাছ যোগান ধৰাৰ পিছত বাকী সংখ্যক বাছ দক্ষিণ পূৱ এছিয়াত চলাচল কৰিব প্ৰতিষ্ঠানটোৱে। ইয়াৰ ফলত ৰাজ্যত আৰ্থিক দিশত বহুখিনি লাভ হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী পাটোৱাৰীয়ে। আনহাতে ৰাজ্যৰ বিভিন্ন স্থানত বৈদ্যুতিক গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানক চাৰ্জিং ষ্টেচন স্থাপন কৰাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে আলোচনাত মিলিত হৈছে বুলি তেওঁ উল্লেখ কৰে। ইপিনে বৈদ্যুতিক বাছ মুকলি অনুষ্ঠানত পৰিৱেশমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত সকলোকে আগবাঢ়ি আহিবলৈ আহবান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে গুৱাহাটীক প্ৰদূষণ মুক্ত কৰি ৰাখিব লাগিব। গুৱাহাটীক দক্ষিণ পূৱ এছিয়াৰ হাবলৈ পৰিৱৰ্তন কৰিবলৈ হ’লে স্মাৰ্ট কৰি তুলিব লাগিব। অকল পৰিৱহণৰ ক্ষেত্ৰতে স্মাৰ্ট কৰিলে নহ’ব পৰিৱেশ আৰু বসবাসৰ ক্ষেত্ৰতো স্মাৰ্ট কৰি তুলিব লাগিব। দিল্লীৰ বায়ু প্ৰদূষণৰ কথা উল্লেখ কৰি অসমৰ ৰাইজে যাতে তেনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’ব নালাগে বায়ু প্ৰদূষণ ৰোধ কৰিব লাগিব। প্ৰকৃতিক ভাল পালেহে প্ৰদূষণমুক্ত অসম সম্ভৱপৰ হৈ উঠিব। ভাষণ প্ৰসংগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা উল্লেখ কৰি তেওঁ কয় যে গুৰুজনাই এক বৃক্ষ দহ পুত্ৰ সম বুলি যি দৰ্শন দি গৈছে সেই দৰ্শনক আঁকোৱালি ল’ব লাগিব তেতিয়াহে স্বাস্থ্যকৰ পৰিৱেশত থাকিবলৈ ৰাজ্যবাসী সক্ষম হ’ব। প্ৰদূষণ ৰোধি বৈদ্যুতিন বাছ অকল গুৱাহাটীতেই নহয় অসমৰ এশখনতকৈ অধিক সৰু বৰ চহৰত চলাচল কৰিলেহে প্ৰদূষণমুক্ত অসম সম্ভৱপৰ হৈ উঠিব। অসমৰ জৈৱ বৈচিত্ৰতা আৰু প্ৰাকৃতিক সৌন্দৰ্যতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰতাত ধনী অসমক লৈ ফ্ৰান্স দেশ উৎফুল্লিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহতাৰ ক্ষেত্ৰত বিশ্বজুৰি যি বাৰ্তা প্ৰেৰণ কৰিছে আৰু ভাৰতত লোৱা উদ্যোগক লৈ প্ৰচাৰ কাৰ্য চলাইছে তাৰ প্ৰতি আকৰ্ষিত হৈয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰদূতে অসমৰ কাজিৰঙা, মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিছে আৰু অসমৰ প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰতা দেখি অভিভূত হৈ পৰিছে। পৰিৱেশ সংৰক্ষণৰ বাবে ফ্ৰান্সে অসমক ৫ হাজাৰ কোটি টকাৰ সাহায্য দিয়াৰ চুক্তি সম্পাদন কৰিছে বুলি আজিৰ অনুষ্ঠানত জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close