অসমবিশেষশীৰ্ষ

গুৱাহাটীত চাইকেল চালকৰ বাবে সুকীয়া পথ

প্ৰদূষণৰ মাত্রা অধিক হােৱা বাবে দিল্লী গেছ চেস্ফাৰলৈ পৰিণত হৈছিল। উশাহ-নিশাহ লােৱাত কষ্টৰ সন্মুখীন হৈছিল ৰাজধানীৰ নাগৰিকসকল। গাড়ী-মটৰ আৰু কল-কাৰখানাৰ ধোঁৱাই বায়ু প্ৰদূষণ কৰাৰ বাবে সম্প্রতি বিশ্বৰ বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। চুবুৰীয়া চীনতাে শীতৰ সময়ত প্ৰদূষিত বায়ুৱে চীনৰ নাগৰিকসকলক জলাকলা খুৱায়। সেয়েহে চীনক যানবাহনৰ বিপৰীতে খােজকঢ়া আৰু চাইকেল চলােৱাত অধিক প্রাধান্য দিয়া হয়। যাতে বায়ু প্ৰদূষণ নিয়ন্ত্রণত থাকে। দিল্লীতাে চাইকেল চালকৰ বাবে সুকীয়া পথ নির্মাণ কৰি দিয়া হৈছে। পিছে প্রথমবাৰলৈ ৰাজ্যতাে এক সুকীয়া পথ প্রদান কৰা হৈছে চাইকেল আৰােহীৰ বাবে। গুৱাহাটীক প্ৰকৃতিৰ অনুকূল ৰখাৰ বাবে ৰাজ্য চৰকাৰে দক্ষিণ গাঁৱত থকা গড়কাপ্টানি পথৰ কাষত সুকীয়াকৈ চাইকেলৰ বাবে বাট এটা মুকলি কৰি দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close