অসমবিশেষশীৰ্ষ

গুৰুকুল গ্রামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা

ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্রদান কৰিব পাৰিলেহে এখন শক্তিশালী ভাৰতবৰ্ষ নির্মাণত তেওঁলােকে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিবলৈ সক্ষম হ’ব।শিশু দিৱস উপলক্ষে গুৰুকুল গ্রামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পুনৰ নির্মিত ভাৰতৰত্ন ড° ভূপেন হাজৰিকা প্রেক্ষাগৃহৰ শুভ উদ্বোধন আৰু কৃতী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এইদৰে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে এই বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিশেষ সফলতা লাভ কৰি ভাৰতবৰ্ষৰ ভিতৰত বিশেষ সুনাম কঢ়িয়াই আনিব পৰাটো আমাৰ শিক্ষা ব্যৱস্থাৰ বাবে এক অৰ্থৱহ দিশ। মুখ্যমন্ত্ৰীয়ে কয় যে প্রকৃত শিক্ষা আহৰণৰ জৰিয়তে জ্ঞান অর্জন কৰি ব্যক্তি জীৱনৰ উপৰি সমাজ জীৱন উজলাই তুলিব লাগিব। ভূতপূর্ব ৰাষ্ট্রপতি তথা বিশিষ্ট বিজ্ঞানী আব্দুল কালামৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰীয়ে কয় যে জীৱনত উজলি উঠিব লাগিলে কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই। গুৱাহাটীক দক্ষিণ-পূর্ব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তােলাৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস চলাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আছিয়ান আৰু বি বি এন দেশসমূহত আমাৰ নতুন প্রজন্মই নিজৰ স্থিতি শক্তিশালী কৰি তুলিব লাগিব। বিদ্যালয়খনৰ শৈক্ষিক অধ্যক্ষ ড° বসন্ত কুমাৰ ভূঞাই আদৰণী ভাষণ প্রদান কৰা অনুষ্ঠানত ২০১৯ বৰ্ষত চি বি এছ ইৰ দশম শ্রেণীৰ পৰীক্ষাত সৰ্বভাৰতীয় পর্যায়ত দ্বিতীয় আৰু চতুর্থ স্থান অধিকাৰ কৰি উজলি উঠা বিদ্যালয়খনৰ দুগৰাকী শিক্ষার্থী ক্ৰমে অৰিন্দম শর্মা আৰু গার্গী বৰা, চি বি এছ ইৰ দ্বাদশ বিজ্ঞান শাখাত সমগ্ৰ উত্তৰ-পূর্বাঞ্চলৰ ভিতৰত শীর্ষস্থান দখল কৰা ছাত্ৰ অনুভৱ বৈশ্যক মুখ্যমন্ত্ৰীয়ে সম্বর্ধনা জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close