
হাজাৰ বছৰ পূর্বে গুজৰাট বৃহৎ আকাৰৰ ডাইন’ছৰৰ বিচৰণস্থলী আছিল। দৈত্যকায় মাংসহাৰী ডাইন’ছৰে বাস কৰিছিল। ডাইন’ছৰৰ এটা প্ৰজাতিৰ কণী উদ্ধাৰ হৈছে গুজৰাটত। গুজৰাটৰ মহিষাগঢ় জিলাৰ মুভাঢ়া গাঁৱত পােৱা গৈছে ডাইন’ছৰৰ কণী। উদ্ধাৰ হােৱা এই কণী চাৰে ৬ কোটি বছৰ আগৰ ক্রেটাশিয়াস যুগৰ প্রজাতিৰ বুলি ঠাৱৰ কৰা হৈছে।
গুজৰাটৰ বাসিনৰ ৰাইওলি গােটেই বিশ্বৰ ডাইন’ছৰৰ কণী পােৱা অঞ্চলসমূহৰ ভিতৰত অন্যতম এক বৃহৎ এলেকা। সেই ৰাইওলিৰ ঠিক নিলগতে ১০ কিলােমিটাৰ দূৰৰ মহিষাগঢ় মুভাঢ়া অঞ্চলত মাটি খান্দোতে উদ্ধাৰ হয় এই কণী।ক্রেটাশিয়াস যুগৰ ডাইন’ছৰৰ দৈত্যকায় একোটি প্রজাতিৰ কণী সদৃশ এই কণী। কণীটো পােৱা গৈছে ভগ্নপ্রায় অৱস্থাত। এই প্রজাতিৰ ডাইন’ছৰৰ নাম ৰাজাসৰাস নর্মভেন্সিস। শ্রমিকে মাটি খান্দোতে উদ্ধাৰ হােৱা কণীটো জিএছ আই গৱেষণাৰ বাবে প্রেৰণ কৰা হৈছে। পৰীক্ষাৰ পাছতহে গম পােৱা যাব যদি কণীটো ডাইন’ছৰৰ হয়, ই কোন প্রজাতিৰ বা কোন সময়ৰ। ডাইন’ছৰৰ বিশেষজ্ঞসকলৰ মতে চাৰে ৫ কোটি বছৰৰ পূর্বে এই প্রজাতিৰ বিচৰণ ক্ষেত্র আছিল মূলত নর্মদা নদী অববাহিকা কণী পােৱা অঞ্চল।