আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

গুগলৰ জৰিয়তে ৰােগ নির্ণয়

প্রযুক্তিবিদ্যাৰে শীর্ষস্থান দখল কৰা গুগলে বিশ্ববাসীলৈ কঢ়িয়াই আনিছে এক সুখবৰ। কিয়নাে গুগলে এনে এক প্রযুক্তিবিদ্যাৰ উদ্ভাৱন ঘটাইছে যাৰ ফলত চকুৰ স্কেনৰ মাধ্যমেৰে হৃদৰােগ তথা শৰীৰৰ অন্যান্য ৰােগৰ অৱস্থিতি সম্পর্কে জানিব পৰা যাব। শেহতীয়া তথ্য অনুসৰি গুগলৰ কর্মকর্তাসকলে আর্টিফিচিয়েল ইন্টেলিজেন্সৰ জৰিয়তে এনেকুৱা এবিধ চিষ্টেম তৈয়াৰ কৰিছে যাৰ ফলত শৰীৰৰ বিভিন্ন ৰােগ নির্ণয় কৰিব পৰা যাব। এই চিষ্টেমৰ জৰিয়তে কেৱল চকুৰ ৰেটিনা স্কেন কৰিলেই সকলাে ৰােগ নিমিষতে ওলাই পৰিব। উচ্চৰক্তচাপ, ব্যক্তিগৰাকীৰ বয়স, ধূমপাণ সম্বন্ধীয় অভ্যাস তথা বেমাৰ স্পষ্ট ৰূপত ওলাই পৰিব। ইয়াৰ উপৰি হৃদৰােগ সম্বন্ধীয় ৰােগাে নির্ণয় কৰিব পৰা যাব। অন্য এক তথ্য পােহৰলৈ আহিছে যে এই চিষ্টেমৰ লগত বহুকেইটা সংস্থা তথা বৈজ্ঞানিক জড়িত হৈ আছে। বর্তমানলৈকে এই প্রক্রিয়াৰ জৰিয়তে প্রায় তিনিলাখ ৰােগীৰ প্ৰাৰম্ভিক পৰীক্ষা সম্পন্ন কৰা হৈছে। এই সন্দৰ্ভত বর্তমানলৈকে সম্পূর্ণরূপে সফল বুলি জানিব পৰা গৈছে। গুগলৰ এই নতুন চিকিৎসা ব্যৱস্থা অতি শীঘ্রেই সাধাৰণ লােকৰ বাবেও মুকলি কৰা হ’ব। দেশৰ বহুকেইখন চিকিৎসালয়ত ইতিমধ্যে এই চিকিৎসা প্রদান কৰি থকা হৈছে। উল্লেখ্য যে, সঁচাকৈয়ে যদি এই চিকিৎসা এইদৰেই ফলপ্রসূ হয় তেন্তে ই হ’ব গুগলৰ এক বৃহত্তম আৱিষ্কাৰ।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close