অসম

গাঁঠিৰ ধন ভাঙি ৰাইজে নিজেই নিৰ্মাণ কৰাৰ লগতে উদ্ধোধনো কৰিলে এখন দীঘল দলং

দলং উদ্বোধন কৰিব ।ৰাইজৰ দীৰ্ঘ্যদিনীয়া সমস্যা সমাধান হব ।কিন্ত এই খন গড়কাপ্তানী অথবা চৰকাৰী ভাৱে উদ্বোধন কৰা পকী দলং নহয় ।দলংখনৰ বাবে চৰকাৰো কোটি কোটি টকাও খৰচ কৰিব লগা হোৱা নাই ।চৰকাৰৰ ধনলৈ বাট নাচাই কামপুৰৰ শিৰিগুৰী ৰাইজে গাঠিৰ ধন খৰছ কৰি নিৰ্মান কৰে দলংখন ।নগাওঁ আৰু কাৰ্বি আংলং জিলাক সংযোগ কৰা দলংখন উদ্বোধন কৰে সোমবাৰে । মন্ত্ৰী বিধায়কে দলং উদ্বোধন কৰা দেখিছে কিন্তু এইবাৰ মন্ত্ৰী বিধায়ক নহয় দলং নিৰ্মান কৰা ৰাইজে নিজে উদ্বোধন কৰিলে বাঁহৰ দলং । হয়, নগাঁও জিলা ৰহা সমষ্টিৰ অন্তৰ্গত চিউগুৰি আৰু বসুন্দৰী “মা” থান সংযোগী বৰপানী নদী ওপৰত ৰাইজে গাঠিৰ ধন খৰছ কৰি নিৰ্মান কৰিলে এখন বাঁহৰ দলং ।

প্ৰায় ডেৰ লাখ টকা ব্যয় সাপেক্ষে স্থানীয় ৰাইজে নিৰ্মান কৰিলে প্ৰায় ১০০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলংখন । দীৰ্ঘদিনৰ পৰা এখন দলঙৰ অভাৱত বৰপানী নদীয়েদি এখন টুলুঙা নাৱৰে পাৰ হৱ লগা হয় ছাত্ৰ ছাত্ৰীকে ধৰি অঞ্চলটোৰ বিভিন্ন লোক ৷ সেয়েহে ৰাইজে চৰকাৰলৈ বাট নাচাই ততকালে কাৰ্যকৰী হোৱাকৈ নিজে গাঠিৰ ধন ভাঙি নিৰ্মান কৰি উলিয়ালে এই বাঁহৰ দলংখন ।ৰাইজ এই প্ৰছেষ্টাৰ ফলত বসুন্দৰী “মা” থানলৈ যোৱা হাজাৰ হাজাৰ যাত্ৰীৰ বাবে সুবিধা হল ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close