অসমবিশেষশীৰ্ষ

খেতিৰে স্বাৱলম্বী নগাওঁ জিলাৰ চানখোলাৰ শিক্ষিত দুই যুৱক নুৰজামাল খান আৰু জাকিৰ হুছেইন

ৰূপ জ্যোতি ভূঞা ,কামপুৰৰ

চৰকাৰী চাকৰি পোৱাৰ অাশা বাদ দি নগাওঁ জিলাৰ কচুৱা থানাৰ অন্তৰ্গত চানখোলা গাঁৱৰ শিক্ষিত দুই যুৱক ক্ৰমে নুৰজামাল খান আৰু জাকিৰ হুছেইন কৃষিকাৰ্যত নিয়োজিত হৈ স্বাৱলম্বীৰ মুখ দেখি নিজকে সুখী কৰাৰ লগতে অঞ্চলটোৰ বহু কৃষকক কৃষি কৰ্মৰ দ্বাৰা কম সময়ত স্বাৱলমবীৰ শিখৰত নিয়াত যুৱকদ্বয় অঞ্চলটোৰ বাবে আদৰ্শৰ চানেকি হৈ পৰিছে ।দৰিদ্ৰতাৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ বহুবছৰ চৰকাৰী বাবে ঘূৰি-পকি ব্যৰ্থ হৈ ২০১৬ চনৰ পৰা যুৱকদ্বয়ে কৃষি কাৰ্যৰ দ্বাৰাই নিজকে স্বাৱলমবী কৰাৰ সপোন দেখিছিল । সেয়ে সেইসময়তে সপোনক বাস্তৱ ৰূপ দিবলৈ নগাঁও কৃষি বিভাগৰ যোগেদি পথাৰ পৰিচালনা সমিতি গঠন কৰি কৃষিকৰ্মত হাতে-কামে লাগিছিল প্ৰথমে যুৱকদ্বয়ে চাৰিগৰাকী খেতিয়কক লগত লৈ মাত্ৰ ছয় বিঘা মাটিত তৰমূজ খেতি কৰিবলৈ আৰম্ভ কৰিছিল ২০১৭ চনত । ক্ৰমে দুটা বছৰ তৰমূজ খেতি কৰি কেইবালক্ষ টকা উপাৰ্জন কৰিছিল । ২০১৮ বৰ্ষত ৪ বিঘা মাটিত ৩ লাখ টকাৰ তৰমূজ উৎপাদন কৰি বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ।তৰমূজ খেতি কৰি স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত নগাঁও কৃষি বিভাগে বীজ তথা ঔষধ বিনামূলীয়াকৈ যোগান ধৰিছিল । তাৰপিছতেই National food security mission TRFE 2019-2020 আচনিৰ অধীনত নগাঁও জিলা কৃষি বিভাগৰ যোগেদি বিনামূলীয়াকৈ ১০ হেক্টৰ মাটিৰ বিপৰীতে ২০০ কিলোগ্ৰাম মগুমাহ অাৰু ১০ হেক্টৰ মাটিৰ বিপৰীতে ২২০ কিলোগ্ৰাম মাটিমাহৰ লগতে কীটনাশক দৰৱ যোগান পাই দক্ষিণ চানখোলা চুবুৰীত ছন পৰি থকা মাটিত ২২ জন কৃষকে দুইজাতৰ মাহজাতীয় খেতি কৰি চিৰসেউজীয়া কৰি ৰাখিছে ।চানখোলা উজ্বল পথাৰ পৰিচালনা কমিটিৰ সভাপতি জাকিৰ হুছেইন আৰু সম্পাদক নুৰজামাল খানে এই খেতিয়কসকলক লগত লৈ ২০ হেক্টৰ মাটিত মাহজাতীয় খেতি কৰাৰ লগতে চানখোলা গাঁৱৰ মধ্যভাগত ৪৫ বিঘা মাটিত ৬ জন কৃষকে চৰকাৰৰ পৰা কেৱল বীজধান অাৰু সাৰ বিনামূলীয়াকৈ সংগ্ৰহ কৰি শালিধানৰ খেতি কৰিও সফল খেতিয়কৰ পৰিচয় দিছে ।প্ৰতিবিঘাত ২৫ মোন ধান উৎপাদনেৰে এই ছয় হেক্টৰ মাটিত ৪৫০ কুইণ্টল(১১২৫ মোন) ধান উৎপাদন হোৱাৰ লগতে ৩০০ কুইণ্টল মাটিমাহ আৰু ২৬২°৫ কুইণ্টল মগুমাহ উৎপাদন হ’ব বুলি জনাইছে । এই কৃষিকাৰ্যত শিক্ষিত যুৱকদ্বয়ে কৃষিকৰ্ম কৰি নিজকে স্বাৱলম্বী কৰাৰ লগতে গাঁওখনৰ অন্যান্য কৃষকসকলকো বিভিন্ন জাতৰ খেতি কৰিবলৈ প্ৰেৰণা যুগুৱাৰ লগতে আদৰ্শৰ চানেকি হৈ পৰিছে । এইদৰে কৃষিকাৰ্য কৰি স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত জীৱনৰ ছন্দ হেৰুওৱা যুৱকদ্বয়ক সহযোগিতা আগবঢ়াইছে কৃষি বিভাগৰ কচুৱা চক্ৰৰ কৃষি উন্নয়ণ বিষয়া ৰোখেশ্বৰ তিমুঙে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close