অসমবিশেষশীৰ্ষ

কৰ’না ভাইৰাছক লৈ তৎপৰ ৰাজ্য চৰকাৰ

কৰ’না ভাইৰাছে এতিয়া ভয়াৱহ ৰূপ লৈছে। বিশ্ব স্বাস্থ্য সংস্থায়ো ইয়াক মহামাৰী আখ্যা দিছে। আমাৰ দেশতো ভাইৰাছবিধ আহি পাইছে। কেন্দ্ৰ চৰকাৰে ৰোগবিধৰ পৰা নাগৰিকসকলক ৰক্ষা কৰিবৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে। পিছপৰি থকা নাই অসম চৰকাৰো। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ইতিমধ্যে গ্ৰহণ কৰা হৈছে সতৰ্কতামূলক ব্যৱস্থা। সম্ভৱপৰ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সষ্টম হৈ আছে স্বাস্থ্য বিভাগ।এইখিনিতে বন আৰু পৰিৱেশ বিভাগৰ সৈতে জড়িত হোৱা হেতুকে সকলোকে সোঁৱৰাই দিব খুজিছো যে পৰিৱেশ সংৰক্ষণ তথা বন্যপ্ৰাণীৰ সৈতে বৈষম্যমূলক আচৰণ পৰিহাৰ কৰাত আমি সকলোৱে যত্নপৰ হ’ব লাগে। চীনত যিকোনো ধৰণৰ বন্য প্ৰাণীৰ মাংস ভক্ষণৰ ফলতেই কৰ’না ভাইৰাছ মানৱ জাতিৰ বাবে অভিশাপ হৈ পৰাৰ কথা পোহৰলৈ আহিছে। গতিকে সকলোকে আমি সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছো। চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা দিয়া হোৱা নিৰ্দেশনাসমূহ মানি চলিবলৈ অনুৰোধ জনাইছো। লগতে এই মহামাৰীৰ পৰা ৰক্ষা পোৱাৰ পিছতেই সকলোকে বন-পৰিৱেশ সংৰক্ষণ তথা বন্যপ্ৰাণী সংৰক্ষণৰ দিশটোত দুগুণ উৎসাহেৰে জড়িত হৈ পৰিবলৈ এতিয়াই আহ্বান জনাই থৈছো। ইতিমধ্যে কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশমৰ্মে আমাৰ বন বিভাগৰ তৰফৰ পৰাও কৰ’নাৰ সংক্ৰমণক বাধা দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অনুযায়ী সোমবাৰৰ পৰা অহা ২৯ মাৰ্চলৈ অসম ৰাজ্যিক ছিৰিয়াখানা আৰু উদ্ভিদ উদ্যান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। একেদৰে অহা ১৭ মাৰ্চৰ পৰা ৰাজ্যৰ আটাইকেইখন ৰাষ্ট্ৰীয় উদ্যান, ব্যাঘ্ৰ প্ৰকল্প আৰু অভয়াৰণ্যও দৰ্শনাৰ্থী তথা পৰ্যটকসকলৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। আশা কৰো প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে গ্ৰহণ কৰা এই পদক্ষেপৰ প্ৰতি সকলোৱে সহযোগিতা আগবঢ়াব।এই কথা সদৰী কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close