আন্ত-ৰাষ্ট্ৰীয়বিশেষশীৰ্ষ

পুৰীৰ জগন্নাথত ভিক্ষাৰীৰ বাবে দুটাকৈ ৰেফ্ৰিজাৰেটৰ

ভাৰতবৰ্ষত প্রতি বছৰে লাখ লাখ লােক অনাহাৰৰ বাবে মৃত্যুমুখত পৰে। পদ পথত অঘৰী আৰু ভিক্ষাৰীসকলে দুবেলা-দুসাঁজৰ বাবে অহৰহ সংঘর্ষ কৰিব লগা হয়। দিনটোৰ সংগ্ৰামৰ অন্তত কেতিয়াবাহে দুসাজ উপলব্ধ হয় ক্ষুধা নিবাৰণৰ বাবে। আনহাতে ধনী আৰু আঢ্যবন্ত লােকে বিভিন্ন সময়ত অতিৰিক্ত খাদ্য বস্তু ডাষ্টবিনত পেলাই দিয়া ঘটনাও আমাৰ ভাৰতবৰ্ষত সংঘটিত হৈ আহিছে।

এনে অৱস্থাত পেলনীয়া খাদ্যৰ উচিত ব্যৱহাৰ সম্ভৱপৰ কৰি তুলিলেই পদপথৰ একাংশ ক্ষুধাতুৰে লাভ কৰিব পাৰে পেটৰ ভাতসাজ। এনে এক পৰিকল্পনা লৈয়ে আগবাঢ়ি আহিছে ফিডিং ভুৱনেশ্বৰ নামৰ এটা সংস্থা। মন্দিৰৰ দেশ ওড়িষাত আছে লাখ লাখ ভিক্ষাৰী। বিভিন্ন মন্দিৰত আশ্রয় গ্রহণ কৰি এওঁলােকে ভক্তসকলৰ ওচৰত হাত পাতে ক্ষুধা নিবাৰণৰ বাবে। ভাৰতৰ সবাতােকৈ বৃহৎ মন্দিৰ জগন্নাথত সহস্রাধিক ভিক্ষাৰী আৰু অঘৰীয়েই আশ্রয় গ্রহণ কৰে। ক্ষুধাতুৰ এই লােকসকলক খাদ্য যােগান ধৰাৰ বাবে ফিডিং ভুৱনেশ্বৰ নামৰ সংস্থাটোৱে লৈছে এক ব্যতিক্রমী পদক্ষেপ। পুৰীৰ জগন্নাথ মন্দিৰৰ কাষত সংস্থাটোৱে দুটাকৈ ৰেফ্রিজাৰেটৰ সংস্থাপিত কৰিছে। এই ৰেফ্রিজাৰেটত থকা খাদ্য বস্তু ক্ষুধাতুৰ লােকৰ বাবে মুকলি থাকে। বিভিন্ন আঢ্যবন্ত আৰু মধ্যবিত্ত লােকৰ অতিৰিক্ত খাদ্য তেওঁলােকে পেলাই নিদি এই ৰেফ্রিজাৰেটত ৰাখি থয়। পাছত পৰৱৰ্তী সময়ত ক্ষুধাতুৰে এই ৰেফ্রিজাৰেটৰ পৰাই খাদ্য সংগ্রহ কৰি নিজৰ পেট পূৰায়। সংস্থাটোৰ মুৰব্বী শ্যাম সিঙে জানিবলৈ দিয়া অনুসৰি অচিৰেই আন ছয়টা এনেধৰণৰ ৰেফ্রিজাৰেটৰ ভুৱনেশ্বৰত সংস্থাপিত কৰা হ’ব। যিয়ে চহৰখনৰ অঘৰী আৰু ভিক্ষাৰী লােকসকলক খাদ্য যােগানৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াব আৰু অতিৰিক্ত খাদ্য ডাষ্টবিনত নষ্ট হােৱাৰ পৰা বাচি যাব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close