বিশেষশীৰ্ষ

কোৰোনা সংক্ৰমিত মাতৃয়ে স্তনপান কৰাই থাকক নৱজাত সন্তানক

বিশ্ব স্বাস্থ্য সংস্থাৰ দাবী

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰমুখ চিকিৎসক টেডৰোছ এডহানম গ্ৰীব্ৰিএচুছে কোৰোনা ভাইৰাছত সংক্ৰমিত মাতৃলৈ আহ্বান জনাইছে যে তেওঁলোকে নিজ নৱজাত শিশুক স্তনপান কৰাই থকাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখক। চিকিৎসক গৰাকীয়ে কয়- বিশ্ব স্বাস্থ্য সংস্থাই এই বিষয়ত অধ্যয়ন কৰিছে আৰু অধ্যয়নত পাইছে যে ভাইৰাছ সংক্ৰমণৰ ভয়াৱহতাৰ তুলনাত শিশুৰ বাবে স্তনপান অধিক ফলদায়ক।

সংগঠনটোৰ প্ৰমুখ গৰাকীয়ে কয়- আমি অৱগত যে জ্যেষ্ঠ অথবা বয়স্কৰ তুলনাত শিশুসকল কোৰোনাত সংক্ৰমণৰ ভয় অথবা আশংকা কম, কিন্তু কিছু এনে ৰোগ আছে যি শিশুৰ বাবে অধিক ভয়াৱহ হ’ব পাৰে আৰু স্তনপানৰ দ্বাৰা এনে ৰোগৰ পৰা শিশুক ৰক্ষা কৰিব পৰা যায়। বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ কৰা অধ্যয়নৰ ভিত্তিত বিশ্বৰ নৱজাত শিশুৰ মাতৃ সকলক এইটো পৰামৰ্শ দিব বিচাৰে যে ভাইৰাছ সংক্ৰমৰ ভয়াবহতাতকৈ অধিক ফলদায়ক স্তনপান। লগতে কয়-যি সকল মাতৃ কোৰোনা ভাইৰাছত সংক্ৰমৰ আশংকাত ভুগিছে অথবা যিসকল ইতিমধ্যে সংক্ৰমিত হৈছে তেওঁলোকক নিজ সন্তানক স্তনপান কৰোৱাৰ প্ৰতি উৎসাহিত কৰিব লাগে। যদি মাতৃগৰাকীৰ স্বাস্থ্য অধিক অৱনতি নহয় তেন্তে নৱজাত শিশুক মাতৃৰ পৰা পৃথক কৰিব নালাগে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি এতিয়ালৈ মাতৃৰ গাখীৰ অথবা ব্ৰেষ্টমিল্কত লাইভ ভাইৰাছ থকাৰ কোনো প্ৰমাণ লাভ কৰা নাই।এইবাবে শিশুৰ দেহলৈ কোৰোনা ভাইৰাছ বিয়পাৰ সম্ভাৱনা নাই। আনহাতে, চেণ্টাৰ অফ ডিজিজ কন্ট্ৰল এণ্ড প্ৰিভেনছন(চিডিচি)ৰ অনুসৰি নৱজাত শিশুৰ বাবে মাতৃৰ গাখীৰ উৎকৃষ্ট আহাৰ। কিন্তু চিডিচিয়ে এইবুলিও প্ৰকাশ কৰিছে যে এতিয়ালৈ এই কথাৰ কোনো প্ৰমাণ অথবা তথ্য লাভ কৰা নাই যি ব্ৰেষ্টমিল্কৰ জৰিয়তে শিশু ভাইৰাছত সংক্ৰমিত হ’ব পাৰে নে নাই, কিন্তু যি সীমিত তথ্য মজুত আছে সেই অনুসৰি এনে হোৱাৰ কোনো সম্ভৱনা নাই। চিডিচিৰ অনুসৰি কোৰোনা সংক্ৰমিত মাতৃৰ পৰা শিশু যাতে সংক্ৰমিত নহয় তাৰ বাবে মাতৃ গৰাকীয়ে সঘনাই পৰিস্কাৰকৈ হাত ধুব লাগে আৰু নিজৰ মুখ ঢাকি ৰাখিব লাগে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close