বিশেষশীৰ্ষ

কোৰোনা ভাইৰাছৰ লক্ষণ আৰু নিজক কেনেকৈ ৰক্ষা কৰিব

বসন্ত দাস

বিশ্বজুৰি এতিয়া কোৰোনা ভাইৰাছ মহামাৰীৰ প্ৰকোপ। বিশ্বজুৰি কোৰোনা ভাইৰাছত এতিয়ালৈ প্ৰায় তিনি লাখ লোকৰ প্ৰাণহানী হৈছে। লগতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ৪১লাখতকৈ অধিক হৈছে। এই ভাইৰাছত সংক্ৰমিত ৰোগী সকলৰ ভিতৰত আছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনো। তেওঁ কোৰোনাত সংক্ৰমিত হৈছিল যদিও পৰৱৰ্তী সময়ত সুস্থ হৈ উঠে আৰু তেওঁ বৰ্তমান কৰ্ম স্থলিলৈ উভতিছে। এই লেখাত কবলৈ বিচৰা হৈছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ কেনেকৈ বিয়পে আৰু ইয়াৰ পৰা নিজক বচাবলৈ তথা ৰক্ষা কৰিবলৈ কি কি কৰিব লাগে তথা পৰা যায়। উল্লেখ্য যে কোৰোনা ভাইৰাছে এজন ব্যক্তিৰ হাওঁফাওঁ বা শ্বাসযন্ত্ৰক সংক্ৰমিত কৰে।ইয়াৰ দুটা লক্ষণ থাকে জ্বৰ আৰু শুকান কাঁহ। বহু সময়ত ইয়াৰ বাবে এজন ব্যক্তিয়ে উশাহ লোৱাৰ সমস্যাত ভুগিব লগীয়া হয়। কোৰোনা ভাইৰাছৰ বাবে হোৱা কাঁহ সাধাৰণ কাঁহৰ দৰে নহয়। ইয়াৰ বাবে একেৰাহে কাঁহ হৈ থাকিব পাৰে।

ইয়াৰ অৰ্থ কোৰোনা সংক্ৰমিত ৰোগীজনে এঘণ্টা বা তাতোকৈ অধিক সময় একেৰাহে কাঁহ হৈ থাকিব পাৰে। ২৪ঘন্টাৰ ভিতৰত কমেও এনেদৰে তিনিবাৰ কাঁহ হ’ব পাৰে। ইয়াৰ বাদে অন্যধৰণৰ কাঁহ হলে বৰ চিন্তাৰ কাৰণ নাথাকে। কোৰোনা ভাইৰাছৰ বাবে শৰীৰৰ তাপমান ৩৭.৮ডিগ্ৰী ছেলচিয়াছলৈ বৃদ্ধি পাব পাৰে। যাৰ বাবে ব্যক্তিজনৰ শৰীৰ উষ্ণতা বৃদ্ধি পাব পাৰে কিন্তু তেওঁ ঠাণ্ডাৰ অনুভৱ কৰিব পাৰে। ব্যক্তিজনে শৰীৰ কঁপনিও অনুভৱ কৰিব পাৰে। ইয়াৰ বাবে মূৰৰ বিষ, গলৰ চেৰচেৰনী আৰু ডায়ৰিয়া হ’ব পাৰে। শেহতীয়াকৈ প্ৰকাশ পোৱা এক গৱেষণা পত্ৰ অনুসৰি কোনো ধৰণৰ খাদ্যত সোৱাদ অনুভৱ নকৰা আৰু কোনো বস্তুৰ গোন্ধৰ অনুভৱ নোপোৱাটো কোৰোনা ভাইৰাছৰ লক্ষণ হ’ব পাৰে। অনুমান কৰা হৈছে কোৰোনা ভাইৰাছৰ আৰম্ভণিৰ লক্ষণ দেখা দিবলৈ কমেও পাঁচ দিনৰ সময়ৰ প্ৰয়োজন হ’ব পাৰে। কিন্তু কিছু লোকৰ ওপৰত এই সময় কমো হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ অনুসৰি কোৰোনা ভাইৰাছ শৰীৰলৈ প্ৰৱেশ আৰু লক্ষণ দেখা দিয়াৰ মাজত ১৪দিনৰ সময় লাগিব পাৰে। উল্লেখ্য যে যি সকল কোৰোনা ভাইৰাছত সংক্ৰমিত তাৰ অধিক সংখ্যক লোক অথবা ৰোগীয়ে বিশ্ৰাম বা আৰাম কৰিলে আৰু পেৰাছিটামোলৰ দৰে বিষ কমোৱা ঔষধ গ্ৰহণ কৰিলেও আৰোগ্য হৈ উঠিব পাৰে। হাস্পাতালত ভৰ্তি কৰোৱাৰ প্ৰয়োজন তেতিয়া হয় যেতিয়া ব্যক্তি তথা ৰোগীজনে উশাহ লোৱাত কষ্ট অনুভৱ কৰে। ৰোগীজনৰ হাওঁফাওঁ বা শ্বাসযন্ত্ৰ পৰীক্ষা কৰি চিকিৎসকে এই কথা ধৰা পেলাই যে সংক্ৰমণ কিমানলৈ বৃদ্ধি পাইছে আৰু ৰোগীজনৰ অক্সিজেন আৰু ভেন্টিলেটৰ প্রয়োজন হৈছে নেকি। কিন্তু ইয়াৰ বাবে ৰোগীজনক জৰুৰীসেৱা বিভাগত ভৰ্তি কৰাৰ প্ৰয়োজন নাই। কোৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ভাৰত চৰকাৰে সকলো ব্যৱস্থা হাতত লৈছে। দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৱেবচাইটত কোৰোনা ভাইৰাছ সংক্ৰমণৰ লগত জড়িত সকলো তথ্য আপলোড কৰা হৈছে। যদিহে এজন ৰোগীয়ে উশাহ লবলৈ অসুবিধা অনুভৱ কৰিছে তেন্তে তেওঁ ভাৰত চৰকাৰৰ হেল্পলাইন নম্বৰ +৯১-১১-২৩৯৭৮০৪৬ বা ২৪ঘণ্টা ধৰি ৰাইজৰ সেৱাত থকা বিনামূলীয়া নম্বৰ ১০৭৫ ত সংযোগ অথবা ফোন কৰিব পাৰে।দেশৰ বিভিন্ন ৰাজ্যও নিজৰ নাগৰিকৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে। অসমৰ ৰাইজৰ বাবে ৬৯১৩৩৪৭৭৭০ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। উল্লেখ্য যে কোৰোনা ভাইৰাছত গম্ভীৰ ভাৱে আক্ৰান্ত ৰোগীক ইণ্টেচিভ কেয়ৰ ইউনিত (আই চি ইউ)ত ভৰ্তি কৰিবলগীয়া হ’ব পাৰে। আই চি ইউ হাস্পাতালৰ বিশেষ ৱাৰ্ড য’ত গম্ভীৰ ভাৱে বেমাৰত পৰা ৰোগীক ভৰ্তি কৰোৱা হয়। যিসকল কোৰোনা সংক্ৰমিত ৰোগীক অক্সিজেনৰ প্ৰয়োজন হয় সেইসকলক আই চি ইউত অক্সিজেন মাস্ক লগোৱাই বা নাকত টিউবৰ জৰিয়তে সেই প্ৰয়োজন পূৰণ কৰিব পাৰি। যি সকল শাৰীৰিক ভাৱে সম্পূৰ্ণ অসুস্থ সেইসকলক ভেন্টিলেটৰত ভৰ্তি কৰোৱা হয়। ইয়াত পোনপটীয়াকৈ হাওঁফাওঁলৈ অক্সিজেন ছাপ্লাই কৰোৱা হয়। ইয়াৰ বাবে মুখত টিউব লগোৱাই বা অন্য ধৰণৰে হাওঁফাওঁলৈ অক্সিজেন ছাপ্লাই কৰা হয়। উল্লেখ যে বিশ্বজুৰি কোৰোনা ভাইৰাছ সংক্ৰমণৰ সংখ্যাৰ লগত যদি মৃত্যুৰ সংখ্যা তুলনা কৰা হয় তেন্তে সেয়া বহু কম অথবা সীমিত। কিন্তু এই সংখ্যা সম্পূৰ্ণৰূপে ভৰসা কৰিব পৰা নাযায়। কিন্তু সংখ্যা অনুসৰি সংক্ৰমিত হৈ মৃত্যুক আঁকোৱালি লোৱা ব্যক্তিৰ হাৰ কেৱল একৰ পৰা দুই শতাংশ।বৰ্তমান বিশ্বৰ কেইবাখনো দেশত হাজাৰ হাজাৰ কোৰোনা সংক্ৰমিত ৰোগীৰ চিকিৎসা চলি আছে আৰু মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে। ৫৬হাজাৰ কোৰোনা সংক্ৰমিত লোকৰ ওপৰত এক অধ্যয়ন চলাই বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰে- ৬ শতাংশ লোক এই ভাইৰাছৰ বাবে গম্ভীৰ ভাৱে অসুস্থ হৈ পৰে। তেওঁলোকৰ শ্বাসযন্ত্ৰ চলাচল বন্ধ হৈ পৰে। আনহাতে ১৪শতাংশ লোকৰ ওপৰত কোৰোনা সংক্ৰমণৰ গম্ভীৰ লক্ষণ দেখা দিয়ে। দেখা দিয়া লক্ষণ সমূহৰ ভিতৰত উশাহ লবলৈ কষ্ট পোৱা আৰু সঘনাই উশাহ লোৱাৰ দৰে সমস্যা। একেদৰে ৮০শতাংশ লোকৰ ওপৰত কোৰোনাৰ সাধাৰণ লক্ষণ দেখা দিয়ে। যেনে জ্বৰ আৰু কাঁহ। বহুতৰ ইয়াৰ বাবে নিমোনিয়াও হয়। উল্লেখ্য যে কোৰোনা ভাইৰাছ সংক্ৰমৰ বাবে বৃদ্ধ আৰু প্ৰথমৰে পৰা উশাহ লোৱাৰ বেমাৰ(এজমা)ত আক্ৰান্ত ৰোগী, মধুমেহ আৰু হৃদ ৰোগৰ দৰে ৰোগৰ বিৰুদ্ধে পূৰ্বৰে পৰা যুঁজ দি থকা ৰোগী কোৰোনাত গম্ভীৰ ভাৱে আক্ৰান্ত হোৱাৰ অধিক সম্ভৱনা আছে। কোৰোনা ভাইৰাছৰ চিকিৎসা সেই কথাৰ ওপৰত আধাৰিত যে ৰোগীজনৰ শৰীৰক উশাহ লবলৈ সহায় তথা সক্ষম কৰি তোলা আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা। যাতে ৰোগীজনৰ শৰীৰে ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম হৈ উঠে। বৰ্তমান সময়ত বিশ্বজুৰি কোৰোনা ভাইৰাছৰ ভেকচিন প্রস্তুতৰ কাম চলি আছে। বছৰৰ শেষৰ ফালে কোৰোনা ভেকচিন প্ৰস্তুত হৈ উঠাৰ সম্ভৱনা আছে। এতিয়ালৈ যিহেতু কোৰোনা ভেকচিন অথবা ঔষধ প্ৰস্তুত হৈ উঠা নাই সেই বাবে এই ভাইৰাছত আক্রান্ত লোকৰ সংস্পৰ্শলৈ কোনো লোক আহিলে তেনে লোক তথা ব্যক্তিক নিজকে কেইবাদিনলৈ আনৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে। পাব্লিক হেলথ ইংলেণ্ডে উল্লেখ কৰিছে যে যিসকলে অনুভৱ কৰিছে যে তেওঁ কোৰোনাত সংক্ৰমিত হৈছে, তেন্তে তেনে ব্যক্তিয়ে চিকিৎসক,ফাৰ্মাচী বা হাস্পাতালত যোৱাৰ পৰা বিৰত থাকিব লাগে আৰু নিজৰ অঞ্চলৰ চিকিৎসা কৰ্মীৰ পৰা ফোন অথবা অনলাইনত পৰামৰ্শ ল’ব লাগে। আনহাতে যিসকলে বিদেশ ভ্রমন কৰি নিজ দেশত উপস্থিত হৈছে সেইসকলক কেইবাদিনলৈ নিজকে অন্যৰ পৰা পৃথক কৰি ৰাখিব লাগে। বিশ্ব স্বাস্থ্য সংস্থাই কোৰোনা ভাইৰাছক লৈ সজাগ সচেতনতাৰ বিষয়ত বহু পৰামৰ্শ আগবঢ়াইছে। কোৰোনা সংক্ৰমণৰ লক্ষণ দেখা পালে তেনে ব্যক্তিজনে নিজৰ স্থানীয় স্বাস্থ্য সেৱাৰ বিষয়া বা কৰ্মচাৰীৰ সৈতে সংযোগ কৰিব লাগে। আনহাতে কোৰোনা ভাইৰাছৰ পৰা নিজকে বচাই ৰাখিবলৈ নিয়মিতভাৱে নিজৰ হাতখন চাবোন আৰু পানীৰে পৰিস্কাৰ কৰি ধুব লাগে।যেতিয়া কোৰোনা ভাইৰাছ সংক্ৰমিত কোনো ব্যক্তিয়ে হাঁচিয়াই বা কাঁহে তেতিয়া তাৰ পৰা ওলোৱা থু জাতীয় কণিকা বতাহত বিয়পি পৰে। এই কণিকাত কোৰোনা ভাইৰাছৰ বীজাণু থাকে। সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহা বা তেওঁৰ কাষ চপা জনলৈ কোৰোনা ভাইৰাছৰ বীজাণু কণিকা উশাহ লোৱা পথৰে শাৰীৰিত প্ৰৱেশ কৰে । লগতে যদি এনে বস্তু স্পৰ্শ কৰিছে যি বস্তুত কোৰোনা ভাইৰাছৰ বীজাণু কণিকা পৰি আছে আৰু স্পৰ্শ কৰা হাত খনৰে নিজৰ মুখমণ্ডলৰ চকু,নাক বা মুখ স্পৰ্শ কৰে তেন্তে এনে বীজাণু কণিকা শৰীৰত প্ৰৱেশ কৰে। সেইবাবে হাঁচিয়াওতে আৰু কাঁহোতে টিচু পেপাৰ ব্যৱহাৰৰ কৰা, হাত নোধোৱাকৈ নিজৰ মুখমণ্ডল স্পৰ্শ নকৰা আৰু সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থকাটো এই ভাইৰাছ বিয়পাত বাধা দিয়াৰ গুৰুত্বপূৰ্ণ উপায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close