শীৰ্ষস্বাস্থ্য

কোমোৰাৰ বিষয়ে কিছু নজনা কথা

ডা০ ভূপেন শইকীয়া

বিশ্বৰ বিভিন্ন দেশত কোমোৰাৰ গুণাৱলীৰ ওপৰত বৈজ্ঞানিক বিশ্লেষণ আৰু প্ৰয়োগ কৰি অহা হৈছে৷
• ১৯৯৫চনত চলোৱা অধ্যয়নৰ মতে কোমোৰাৰ দ্বাৰা কিডনি বিকল হোৱা (CKD) বিলাতি এন্দুৰৰ কিডনিৰ উন্নতি ঘটোৱা পৰিলক্ষিত হয়৷ ( Jiangsu Journal of Agricultural Sciences)
• ২০০০চনত কৰা পৰীক্ষাৰ মতে মৰফিনৰ নিচাসক্তিৰ চিকিৎসাত কোমোৰা ফলপ্ৰসু ৷ (Fitoterapiaত প্ৰকাশিত)৷
• বিলাতী এন্দুৰৰ পাকস্থলীৰ ঘাঁ শুকোৱা গুণ কোমোৰাত দেখা গ’ল ২০০১চনত (Journal of Ethnopharmacologyত প্ৰকাশিত তথ্য)
• ডায়েবেটিজৰ চিকিৎসাৰ বাবে কোমোৰা উপকাৰী ৷ কিয়নো বিলাতী এন্দুৰৰ তেজৰ গ্ল’কজৰ পৰিমান কমায়,ইনচুলিনৰ সক্ৰিয়তা বৃদ্ধি কৰে আৰু অপকাৰী ক’লষ্টেৰলৰ পৰিমান হ্ৰাস কৰে৷ ( ২০০৩চনৰ Korean Journal of Nutritionত প্ৰকাশিত তথ্য)
• ২০০৩চনত প্ৰকাশিত তথ্য মতে বিলাতী এন্দুৰৰ মানসিক উদাসীনতা (Depression) কোমোৰাৰ ভক্ষনে আতৰ কৰে৷ (Indian Journal of Pharmacologyত প্ৰকাশিত তথ্য)
• ২০০৫চনত প্ৰকাশ হোৱা তথ্যমতে কোমোৰাৰ এন্টিডায়ৰিয়েল গুণ প্ৰমাণিত হৈছে ৷ (Indian Journal of Pharmacologyত প্ৰকাশিত)
• বিলাতী এন্দুৰত পৰীক্ষা কৰি দেখা গ’ল কোমোৰাৰ প্ৰয়োগে টিউমাৰৰ তেজৰ প্ৰবাহত বাধা দিয়ে যাৰ ফলত কৰ্কট ৰোগৰ বৃদ্ধি বাধা প্ৰাপ্ত হয়৷ ( ২০০৫চনত Journal of Ethnopharmacologyত প্ৰকাশ কৰা মতে )
• কোমোৰাত এন্টি-ইনফ্লেমেটৰি আৰু বিষনাশক গুণ দেখা গৈছে ৷ (International Journal of Pharmacologyৰ ২০১০চনত প্ৰকাশিত তথ্য)

* এতিয়া ভাৰতবৰ্ষৰ প্ৰখাত আয়ুৰ্বেদাৰ্য্যসকলে কোমোৰাৰ প্ৰয়োগৰ বিষয়ে একমুখে কি পৰামৰ্শ আগবঢ়াইছে সেয়া চাওক :

১- নানাবিধ পাক প্ৰণালীৰ বিকাৰ,শৰীৰৰ কিডনি,লিভাৰ,হৃদযন্ত্ৰ আদি ভালে ৰাখিবলৈ নিয়মীয়াকৈ কোমোৰাৰ ৰস পান কৰা উচিত৷
২-ডায়েবেটিজ নিয়ন্ত্ৰণৰ বাবে কোমোৰাৰ ৰসৰ সৈতে বেলপাতৰ ৰস মিহলাই খালে উপকৃত হব৷
৩- ৰক্তহীনতা আতৰোৱাত কোমোৰাৰ ৰসৰ সৈতে নৰসিংহ পাতৰ ৰস মিহলাই খালে সেই মিশ্ৰণে হাৰ্বেল টনিকৰ দৰে ক্ৰিয়া কৰে৷
৪- থাইৰয়েডৰ বিকাৰ আতৰ কৰিবলৈকোমোৰাৰ ৰসৰ সৈতে ধনীয়া পাতৰ ৰস মিহলাই খাব লাগে৷
৫-পচলাৰ ৰস আৰু কোমোৰাৰ ৰসৰ মিশ্ৰণ বসন্ত ৰোগীৰ বাবে সহায়কাৰী৷

কোমোৰাৰ ৰস কেনেকৈ ওলিয়াব আৰু কেনেকৈ খাব?

কোমোৰাৰ বাকলি আৰু গুটি অংশ কাটি আতৰাই লব৷ কোমোৰা যিমানে বেচি পূৰঠ হয় ৰস সিমানে বেচি স্বাদিষ্ট হয়৷ প্ৰায় দেড়শ গ্ৰাম কোমোৰাৰ পৰা এগিলাচ ৰস ওলায়৷ সৰু সৰুকৈ কূটা কোমোৰাৰ টুকোৰা মিক্সাৰ বা জুচাৰৰ সহায়ত ৰস ওলিয়াবলৈ ব্যৱহাৰ কৰক৷ মিক্সাৰৰ পিচাখিনি পাতল কপাহী কাপোৰৰে চেকি লব৷ সেই সিঠাখিনি পেলাই নিদি মূৰৰ চুলি বা ছালত ঘঁহিব পাৰিব৷ উফি,খহু, ব্ৰণ আদি আতৰ কৰাত সহায়ক হব৷ কোমোৰাৰ ৰসত নিমখ, মছলা,নেমু আদি নিমিহলাব৷ ফ্ৰিজত ভৰাই নথৈ সতেজ বা ফ্ৰেচ অৱস্থাতেই ঘটঘটকৈ পি নাখাই এঘুট এঘুটকৈ লাহে ধীৰে খাব৷ পুৱা খালি পেটত নিতৌ এগিলাচ ৰসৰ সেৱন এনেদৰে কৰক৷ এক দেড় ঘন্টালৈ আন গোটা খাদ্য গ্ৰহণ নকৰিব৷ সজীৱতা উপলব্ধি কৰাৰ ওপৰিও কোমোৰাৰ আন আন গুণৰ দ্বাৰা আপুনি উপকৃত হব ৷ কোমোৰাৰ ৰসক সকলো ৰসৰ ভিতৰত সৰ্বোত্তম (King of all juices) বুলি গণ্য কৰা হয়৷

কোমোৰা কেনেদৰে ব্যৱহৃত হয়?
সুস্বাস্থ্যৰ বাবে ৰস ওলিয়াই খোৱাৰ ওপৰিও কোমোৰা ভাজি-তৰকাৰী বা আঞ্জাত দি ৰান্ধি নাইবা কেঁচাই চালাড,ৰায়তা আদি বনাই খাব পাৰি৷ দক্ষিণ ভাৰতৰ লোক সকলে নৰসিংহ,নাৰিকল আৰু পিঠা গুড়িৰ সৈতে পিঁয়াজ-নহৰু আদি দি জুতি লগাই ৰান্ধি খায়৷ অসমীয়া ৰন্ধনশালৰ কথা মই নকলেও আপোনালোকে জানেই৷

কোমোৰাত কি কি লাগতিয়াল তত্ব থাকে?
কোমোৰা হ’ল প্ৰটিন,কাৰ্বোহাইড্ৰেট,ডায়েটেৰী ফাইবাৰ, এন্টিঅক্সিডেন্ট, ভিটামিন আৰু লাগতিয়াল খনিজ তত্বৰ সমাহাৰ৷ ভিটামিন কেইবিধ হ’ল ভিটামিন-চি, নিয়াচিন,ৰাইব’ফ্লেবিন,থায়ামিন৷ খনিজ কেইবিধ হ’ল মেগনেচিয়াম, মেংগানিজ,আইৰন,জিংক আৰু ফচফ’ৰাচ৷ ইয়াত থকা পানীৰ পৰিমাণ হ’ল ৯৬শতাংশ৷ কোমোৰাৰ ৰস হ’ল এলকেলাইন (পিএইচ ৭.২) অৰ্থাৎ খাৰুৱা স্বাদৰ৷

কোমোৰাৰ বহুমুখী উপকাৰিতাৰ তালিকা:
• পাক প্ৰণালীৰ অনেক উপকাৰ কৰে৷ সেইবিলাক হ’ল এচিডিটি কমোৱা,অজীৰ্ণ-বদহজমি আতৰ কৰা, হাগনি আৰু শৌচ-কচা আতৰ কৰা, পাকস্থলীৰ ঘাঁ শুকোৱাত সহায়ক হোৱা আদি৷
• ৰক্তক্ষৰণ ৰোধ কৰা- নাকৰ আৰু দাঁতৰ আলুৰ তেজ ওলোৱা বন্ধ কৰে৷
• ডায়েবেটিজৰ নিয়ন্ত্ৰণত ফলপ্ৰসু৷
• শ্বাসপ্ৰণালীৰ ৰোগ যেনে হাঁপানি,চৰ্দি, নিউমোনিয়া আদিৰ চিকিৎসাত উপযোগী৷
• হৃদৰোগীৰ বাবে লাভজনক খাদ্য- ৰক্তচাপ নিয়ন্ত্ৰণ, তেজৰ অপকাৰী ক’লেষ্টৰল হ্ৰাস কৰা আদি গুণসমৃদ্ধ৷
• মেদবহুলতা কমোৱা আৰু শকত লোকৰ ওজন হ্ৰাস কৰাত সহায়ক৷
• চুলিৰ শ্ৰীবৃদ্ধি কৰা উফি আতৰ কৰাত সহায়ক৷
• ছালৰ কমনীয়তা আৰু উজ্বলতা বঢ়ায়৷ ব্ৰণ,খহু আদি ভাল কৰে৷ ছালৰ দাগ আতৰ কৰে৷
• জুইয়ে পোৰাৰ চিকিৎসাত কোমোৰা পিচি প্ৰলেপ দিব লাগে৷
• নানাবিধ মানসিক ৰোগ যেনে মৃগী,ডিপ্ৰেচন, স্মৃতিলোপ পোৱা আদিৰ ক্ষেত্ৰত কোমোৰা উপযোগী৷ কোমোৰাই মগজুৰ ভবা-চিন্তাৰ মেধা শক্তি বঢ়ায়৷ অপ্ৰিয় হলেও শুনা কথা আমাৰ দেশতেই কোনো কোনো ঠাইত তথাকথিত উচ্চবৰ্ণৰ লোকে নিম্নবৰ্গৰ লোকক কোমোৰা খোৱা বাৰন কৰিছিল৷
• টেনচন,ষ্ট্ৰেচ আদিৰ ফলত হোৱা নিদ্ৰাহীনতা কোমোৰাই আতৰ কৰে৷
• ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী খাদ্য৷
• তেজ পৰিশোধন কৰে৷
• প্ৰসাবৰ সংক্ৰমণ আতৰ কৰে৷ মূত্ৰ প্ৰণালীৰ পাথৰ নিষ্কাশনত সহায়ক৷
• আয়ুৰ্বেদিক চিকিৎসকৰ মতে সকলো ধৰণৰ পেলু,ঘাইকৈ ফিটা পেলু নিৰ্মূল কৰাৰ দাবী ৷
• শৰীৰৰ ইমিউনিটি বঢ়ায়৷
• কৰ্কট ৰোগৰ নিয়ন্ত্ৰণত ভূমিকা আগবঢ়োৱাৰ প্ৰচুৰ সম্ভাৱনা দেখা গৈছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close