আন্ত-ৰাষ্ট্ৰীয়বিশেষশীৰ্ষ

কোটিপতি ছাত্র

ছাত্র জীৱন বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহে বৃহৎ পৰিমাণৰ এটি কিতাপৰ বােজা। আৰু সেই বােজাটোৰ মাজতেই সীমাৱদ্ধ সেই জীৱন। ইতিমধ্যেই সেই সময়খিনি জীৱনৰ আটাইতকৈ উচিত সময় বুলিও বিশেষজ্ঞসকলেও মন্তব্য আগবঢ়াইছে। কাৰণ সেই সময়ৰ ভিত্তিতেই নির্ণয় কৰা হয় জীৱনৰ ভাগ্যৰেখা। শেহতীয়াকৈ এনে এগৰাকী শিক্ষার্থীৰ কথাই পােহৰলৈ আহিছে। চৰ্চালৈ অহাৰ কাৰণাে কিন্তু সুকীয়া। তেওঁ পঢ়া-শুনাৰ সমান্তৰালকৈ ব্রিটেইনৰ কনিষ্ঠতম কোটিপতিৰাে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আচৰিত যেন লাগিলেও এয়াই সত্য। এই ব্যতিক্রমী ছাত্রগৰাকীৰ নাম অক্ষয় ৰূপাৰেলিয়া। জন্মসূত্রে ভাৰতীয় যদিও বর্তমান তেওঁ লণ্ডনৰ বাসিন্দা তথা কুইন এলিজাবেথ হাইস্কুলৰ ছাত্র।

মাত্র ১৯ বছৰতেই তেওঁৰ এই সাফল্যই সকলােতে ব্যাপক চর্চা লাভ কৰিছে। শেহতীয়া তথ্য অনুসৰি হাইস্কুলত পঢ়ি থকা কালৰ পৰাই তেওঁ পঢ়া-শুনাৰ লগতে চলাই গৈছিল অনলাইন ব্যৱসায়। অন্য ছাত্র-ছাত্রীসকলে। যেতিয়া জিৰণি সময়ত খেলা-ধূলাত ব্যস্ত থাকে তেতিয়া অক্ষয়ে নিজৰ মােবাইল ফোন লৈ ব্যৱসায়-বাণিজ্যত ব্যস্ত থাকে। আৰু এয়াই যেন সফলতাৰ আন এক অন্যতম দিশ। ব্যৱসায় আৰম্ভৰ প্রায় ১৬ মাহৰ ভিতৰতেই জনপ্রিয় হৈ পৰে তেওঁৰ ব্যৱসায় প্রতিষ্ঠান ডৰষ্টেপচ’। মাত্র সাত হাজাৰ পাউণ্ড টকা ধাৰত লৈ আৰম্ভ কৰা সেই ব্যৱসায়ে এতিয়া ব্রিটেইনৰ অন্যতম প্রতিষ্ঠানসমূহৰ ভিতৰত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। আন এক তথ্যত পােহৰলৈ আহিছে যে বর্তমান যিহেতু তেওঁ এগৰাকী ছাত্র, সেয়ে স্কুলত থকা সময়ছােৱাত তেওঁ গ্রাহকৰ ফোন ৰিছিভ কৰাটো অসম্ভৱ। সেয়ে তেওঁ এটি কল চেণ্টাৰৰাে ব্যৱস্থা কৰিছে। স্কুল ছুটীৰ পিছত ফোন কলসমূহ নিৰীক্ষণ কৰি গ্রাহকলৈ পুনৰ ফোন কৰি গ্ৰাহকৰ ওজৰ-আপত্তিৰ বুজ লয়। এনেকৈয়ে তেওঁ চলাই গৈছে নিজৰ ব্যৱসায়। অনলাইনত ঘৰ বিক্ৰী ব্যৱসায়েৰে বর্তমান তেওঁ ব্রিটেইনৰ কনিষ্ঠতম কোটিপতিসমূহৰ ভিতৰত অন্যতম। অন্য কোম্পানীসমূহৰ তুলনাত তেওঁৰ কোম্পানীৰ নিয়মাে যথেষ্ট ব্যতিক্রম। অন্য কোম্পানীসমূহে কামৰ বাবদ এহেজাৰ পাউণ্ড বিচাৰে যদিও অক্ষয়ে মাত্র ৯৯ পাউণ্ডৰ বিনিময়ত কামসমূহ কৰি দিয়ে। সেয়ে হয়তাে অন্য কোম্পানীসমূহৰ তুলনাত ডৰষ্টেপছ ব্যতিক্রম। মাত্র এক বছৰৰ ভিতৰতে অক্ষয়ৰ এই ব্যৱসায়ে ১২ মিলিয়ন পাউণ্ড অর্থাৎ ১০৩ কোটি ২৩ লাখ টকাৰ ঘৰ চুইছেগৈ। উল্লেখ্য যে, ইমান কম সময়ৰ ভিতৰতে অক্ষয়ৰ এই সফলতাই সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। অক্ষয়ৰ এই জয়যাত্রা এনেদৰেই অব্যাহত থাকক এয়াই যেন সকলােৰে কামনা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close