বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

কোকিলকন্ঠী লতা মংগেশকাৰলৈ বিৰল সন্মান

২৮ ছেপ্টেম্বৰত প্ৰদান কৰা হব এই সন্মান

সংগীত মানেই যেন লতা মংগেশকাৰ। কিয়নো বিগত ৭ দশকজুৰি বিশ্বৰ কোটি কোটি সংগীতপ্ৰেমীক নিজৰ কন্ঠৰে মোহাচ্ছন্ন কৰি ৰাখিছে এইগৰাকী মেলডী কুইনে। সংগীতৰ ভগৱানস্বৰূপ এইগৰাকী লতাজীয়ে অহা ২৮ ছেপ্টেম্বৰত ৯০ বছৰত ভৰি দিব। সেয়ে এই দিনটোতে এইবাৰ ভাৰত চৰকাৰে গায়িকাগৰাকীলৈ প্ৰদান কৰিব বিশেষ সন্মান। শেহতীয়া তথ্য অনুসৰি মোডী চৰকাৰে লতাজীলৈ প্ৰদান কৰিব “ডটাৰ অব্ নেচন” সন্মান। উল্লেখযোগ্য যে এই উপলক্ষে গীতিকাৰ প্ৰসূন যোশীয়ে এটি বিশেষ গীতো ৰচনা কৰি উলিয়াইছে। এই খবৰ লাভ কৰাৰ পিছতেই এতিয়া সংগীত জগতত এক উচাহৰ ঢল দেখিবলৈ পোৱা গৈছে। সংগীতৰ ভোটা তৰাস্বৰূপ এই গৰাকী কোকিলকন্ঠী গায়িকালৈ এই সন্মান যথোপযুক্ত বুলি ইতিমধ্যে বিবেচিত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close