বিশেষশীৰ্ষস্বাস্থ্য

কেপচিকামৰ বহুমুখী গুণাৱলীৰ সৈতে পৰিচিত হওঁ আহক

ডা০ ভূপেন শইকীয়া, ডোহা, কাটাৰ

কেপচিকামক আমি এবিধ তৰকাৰী বনাই খোৱা সুবাস দিয়া জলকীয়া জাতীয় পাচলি বুলিয়েই ধাৰণা কৰোঁ৷ ই কম-বেচি পৰিমাণে জলা আৰু মিঠা সোৱাদযুক্ত লগতে বেচ জুতি লগা খাদ্য ৷ কিন্তু কেপচিকাম আমাৰ স্বাস্থ্যৰ বাবে কিমান উপযোগী সেই বিষয়ে আমাৰ জ্ঞান সীমিত৷ এই প্ৰবন্ধত পাঠকক কেপচিকামৰ বিষয়ে কিছু লাগতিয়াল কথা অৱগত কৰিব লৈছোঁ৷
কেপচিকামৰ বৈজ্ঞানিক নাম হ’ল Capsicum annuum ৷ ইয়াৰ বংশ হ’ল Solanaceae বা Nightshade family ৷ আলু, বিলাহী, বেঙেনা হ’ল একে বংশৰে৷ ইয়াৰ কমেও ৩০টা উপজাতি চিনাক্ত কৰা হৈছে৷ প্ৰজাতি অনুসৰি আকৃতি, প্ৰকৃতি আৰু গুণৰ কিছু তাৰতম্য পৰিলক্ষিত হয়৷ সাধাৰণতে আমাৰ চিনাকি জলকীয়াৰ সৈতে কেপচিকামৰ পাৰ্থক্য নিৰ্ধাৰণ হয় কেপাচাইচিন(Capasaicin) নামৰ পানীত অঘোলনশীল ৰাসায়নিক পদাৰ্থৰ উপস্থিতিৰ দ্বাৰা৷ কেপাচাইচিনৰ বাবেই জলকীয়াৰ জলা স্বাদ আমি অনুভৱ কৰোঁ৷ জলাৰ শক্তিক জুখিবলৈ Scoville Heat Unit (SHU) ইউনিট ব্যৱহাৰ কৰা হয়৷ আমাৰ অসমত উপলব্ধ ভোট জলকীয়াৰ SHU হ’ল ১.৫৮নিযুত আৰু আমেৰিকাৰ কেৰলিনা ৰিপায়াৰ জলকীয়াৰ SHU হ’ল ২.২নিযুত৷ কিন্তু বেল পেপাৰ কেপচিকামৰ SHU হ’ল শূণ্য৷ সাধাৰণ জলকীয়াৰ বিষয়ে আৰু বিতং তথ্য জানিবলৈ হ’লে আগ্ৰহী পাঠকে মোৰ কিতাপ ‘চিনাকি পাচলিৰ অচিনাকি গুণ’ কিতাপখনৰ ৩০নং অধ্যায়টো পঢ়িব পাৰে৷
কেপচিকামৰ আন আন নাম হ’ল – ইংৰাজীত Bell pepper, Sweet pepper, Capsicum, Bell chillies, Chili pepperআদি ৷ হিন্দীত চিমলা মিৰ্চ,তামিলত কোডাই মঝহগাই, সিংহলীত মালু মিৰিচ, চুইজাৰলেণ্ডত পেপৰন, ফ্ৰান্সত পইভৰণ, পৰ্টুগালত পিমেন্টো, জাপানত ট’গাৰ্শ্বি (চাইনিজ মাচটাৰ্ড), স্পেইনত পিমেন্টো, পোলেণ্ডত পেপ্ৰাইকা,হাংগেৰীত পেপ্ৰিকা, ইটালিত পেপেৰণ, চিলিত হট পেপাৰ, আমেৰিকা আৰু কেনেডাত চিলি-পিপাৰ বোলে৷
কেপচিকামৰ গছৰ বৰ্ণনা – ই হ’ল বৰ্ষজীৱি জোপোহা জাতীয় সপুষ্পক গছ৷ আমি পাচলি কৰি খোৱা কেপচিকাম হ’ল এই গছৰ ফল৷ ফলৰ ৰঙ সেউজীয়া, ৰঙা, হালধীয়া,কমলা বৰণৰ,কজলা,মূগা আনকি বগাও হব পাৰে৷ পাৰে৷ বহু সময়ত ৰঙ অনুসৰিও ইয়াৰ কথিত নামাকৰণ কৰা দেখা যায়; যেনে ৰেড পিপাৰ, গ্ৰীণ পিপাৰ বা ইয়েল্লো পিপাৰ৷ সেউজীয়া প্ৰজাতিবিধ বেচি সুলভ আৰু ইয়াৰ মিঠা ভাৱ কম আনহাতে ৰঙা কেপচিকামৰ মিঠা স্বাদ বেচি৷ কেপচিকামৰ ফল গোলাকাৰ বা দীঘলীয়া দুয়োটা আকৃতিৰ হব পাৰে৷
কেপচিকামৰ বিষয়ে বুৰঞ্জীয়ে কি কয় ?
কেপচিকামৰ প্ৰাথমিক উৎপত্তি স্থান হ’ল মেক্সিকো, দক্ষিণ আমেৰিকা আৰু মধ্য আমেৰিকা৷ শুনিবলৈ আচৰিত যেন লাগিলেও প্ৰকাশিত উপলব্ধ তথ্যমতে খৃষ্টপূৰ্ব ৯০০০তকৈয়ো আগৰ পৰাই উল্লেখিত অঞ্চলত কেপচিকামৰ খেতি হৈছিল আৰু প্ৰাচীনকালৰ পৰাই লোকবিশ্বাসমতে ইয়াক বিষহাৰী আৰু ৰক্তপ্ৰবাহৰ সহায়ক বুলি ঔষধ হিচাবে প্ৰয়োগ কৰিছিল৷ মেক্সিকোত ৯০০০বছৰ খৃষ্টপূৰ্বতেই কেপচিকামক খাদ্য হিচাবে মানুহে ব্যৱহাৰ কৰিছিল বুলি Rumsfield and West নামক বিজ্ঞানীয়ে ১৯৯১চনত প্ৰকাশিত এখন বুলেটিনত ব্যক্ত কৰিছে৷ পৰম্পৰাগত লোকবিশ্বাসমতে কেপচিকামৰ ঔষধি গুণসমূহ হ’ল- যৌন শক্তি বৃদ্ধিকাৰক, হজম শক্তি বঢ়োৱাত সহায়ক, পেটৰ বিষ আৰু গেছ নিৰ্মূল কৰোতা, পাইলচৰ চিকিৎসাত সহায়ক৷ ইণ্ডোনেচিয়াত কেপচিকমৰ শিপা গ’নৰিয়াৰ চিকিৎসাত ব্যৱহৃত হৈছিল৷ মধ্য আফ্ৰিকাত মস্তিষ্ক শীতল কৰিবলৈ আৰু হাৱাই দ্বীপত ভৰি ফুলা,বাত আৰু কঁকালৰ বিষত কেপচিকামৰ প্ৰয়োগ হৈছিল বুলি জনা যায়৷
ক্ৰিষ্টফাৰ কলম্বছে আমেৰিকাৰ পৰা কেপচিকামৰ সঁচ ইউৰোপৰ স্পেইনলৈ আনে ১৪৯৩চনত৷ ইউৰোপৰ পৰা চীন আৰু এচিয়াৰ আন আন দেশলৈ কেপচিকামৰ সঁচ সিঁচৰিত হব ধৰে৷ দক্ষিণ আমেৰিকাৰ পেৰু দেশত বহুল পৰিমাণে কেপচিকামৰ খেতি হয়৷ কিন্তু আজি বিশ্বত সৰ্বোচ্চ উৎপাদন -কাৰী দেশ হ’ল চীন৷ ইয়াৰ পাছত স্থান দখল কৰিছে ক্ৰমে মেক্সিকো, টাৰ্কি, ইণ্ডোনেচিয়া আৰু সংযুক্ত আমেৰিকা যুক্তৰাষ্ট্ৰই৷ আকৌ দক্ষিণ আমেৰিকাৰ ব’লিভিয়া দেশত কেপচিকামৰ নানান বিধ প্ৰজাতি অনায়াসে উপলব্ধ৷ সমগ্ৰ বিশ্বৰ উৎপাদনৰ অৰ্ধেক পৰিমাণৰ কেপচিকামৰ উৎপাদন চীন দেশত হয়৷ আজিকালি আমাৰ দেশ ভাৰতবৰ্ষতো চুকে-কোণে কেপচিকামৰ খেতি হয়৷ ইয়াৰ বাবে জলবায়ুৰ তাপমাত্ৰা ২১ৰ পৰা ২৯ডিগ্ৰী চেলচিয়াচ সৰ্বোত্তম৷ ৰ’দ ঘাই ঠাই ভাল কিন্তু গছৰ তলত পানী জমা হব নালাগে৷
কি কি ৰাসায়নিক উপাদান কেপচিকামত থাকে ?
একোটা কেপচিকাম ফলত থকা পানীৰ পৰিমাণ হ’ল ৯৫শতাংশ৷ ইয়াত প্ৰচুৰ পৰিমাণত পুষ্টিকৰ পদাৰ্থ আৰু ভিটামিন থাকে৷ প্ৰতি১০০গ্ৰামত শক্তি থাকে ২০কিলো কেলৰি৷ কাৰ্বোহাইড্ৰেট ৪.৬৪গ্ৰাম, প্ৰটিন ৮৬০মিলিগ্ৰাম,ফেট ১৭মিলিগ্ৰাম, চুগাৰ২.৪গ্ৰাম, ডায়েটেৰী ফাইবাৰ ১.৭গ্ৰাম, ভিটামিন-চি ৮০মিলিগ্ৰাম আৰু থাকে ভিটামিন-বি১, ভিটামিন-বি২, ভিটামিন-বি৬, ভিটামিন-বি৯,ভিটামিন-এ, ভিটামিন-কে, ভিটামিন-ই৷ লগত থকা খনিজসমূহ হ’ল কেলচিয়াম,আইৰণ, জিংক, মেগনেচিয়াম,ফচফৰাচ৷ চ’ডিয়াম ৩মিলিগ্ৰামৰ বিপৰীতে প’টেচিয়াম থাকে ১৭৫মিলিগ্ৰাম৷ দেখা গ’ল আমাৰ দৈনিক প্ৰয়োজন হোৱাতকৈ সামান্য বেচি পৰিমাণত ভিটামিন-চি এটা কেপচিকামত থাকে আৰু এই পৰিমাণ হ’ল এটা কমলাত থকাতকৈ অধিক৷ শুকোৱাই ৰখা কেপচিকামত এই ভিটামিন আৰু খনিজ সমূহৰ পৰিমাণ হ্ৰাস পায়৷
কেপচিকামৰ উপকাৰিতাৰ তালিকা :-
1. কিডনি ৰোগীৰ বাবে কিয় উপকাৰী?
কিডনি ৰোগীৰ সচৰাচৰ সংগী হয় এনিমিয়া,ডায়েবেটিজ,হৃদৰোগ,উচ্চ ৰক্তচাপ, পেটৰ বিষ৷ এইকেউটাকে নিয়ন্ত্ৰণ কৰিবব পাৰে নিয়মীয়া কেপচিকামৰ সেৱনে৷ ভিটামিন-চি, ভিটামিন-এ,আইৰণ,ফলিক এচিডে এনিমিয়াৰ সংশোধন কৰে৷ ডায়েবেটিজৰ নিয়ন্ত্ৰণত কেপচিকামৰগুৰুত্বপূৰ্ণ ভূমিকা থাকে৷ কেপচিকামে ক’লেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড কমাই হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে৷ প’টেচিয়ামে তেজৰ নলী বহলাই (Vasodilation কৰি) উচ্চ ৰক্তচাপ কমায়৷ কিডনি ৰোগীয়ে পাই থকা বিষৰ মাত্ৰা কেপচিকামে হ্ৰাস কৰে৷ তেজ পৰিষ্কাৰ কৰি দূষিত জমা পদাৰ্থ প্ৰসাবেদি ওলিওৱাত কেপচিকাম সহায়ক৷ ভিটামিন-বি৬ৰ উপস্থিতিৰ ফলত প্ৰসাবৰ পৰিমাণ বৃদ্ধি হোৱাৰ (Diuretic action) ফলত ভৰি ফুলা কমে৷ তেজৰ ক্ৰিয়েটিনিনৰ পৰিমাণ হ’ল কিডনিৰ আইনাৰ দৰে৷ কেপচিকামে নানান ধৰণেৰে উপকাৰ কৰি তেজৰ ক্ৰিয়েটিনিনৰ মাত্ৰা হ্ৰাস কৰাত সহায়ক হয়৷
2. হৃদৰোগৰ পৰা সুৰক্ষা – ঘাইকৈ অপকাৰী ক’লেষ্টেৰল কমোৱাৰ ফলত৷ লগতে উচচ ৰক্তচাপ কমোৱাত লোৱা ভূমিকাৰ বাবে৷
3. কৰ্কট ৰোগৰ পৰা সুৰক্ষা- কেপচিকামৰ এন্টিঅক্সিডেন্টে জিন মিউটেশ্বন আৰু আৰ এন এৰ বিনষ্টকৰণ ৰোধ কৰে৷
4. ছালৰ ওপৰত উপকাৰী প্ৰভাৱ-ফাইটোকেমিকেলচআৰু এন্টিঅক্সিডেন্টে শৰীৰত বাৰ্ধক্যৰ ছাপ পৰিবলৈ নিদিয়ে৷
5. চুলিৰ স্বাস্থ্যক সুৰক্ষা দিয়ে- ভিটমিন-বি৬,লাইকোপেন আৰু ফাইবাৰে৷ প’টেচিয়ামে চুলিৰ গুৰিত তেজৰ সঞ্চালন সঠিককৈ ৰাখে৷
6. ইমিউনটি বৃদ্ধিকাৰক- লগতে নানাবিধ এন্টিঅক্সিডেন্টে শৰীৰৰ ষ্ট্ৰেচজনিত সকলোধৰণৰ অহিত সাধনৰোধ কৰে৷
7. নানাবিধ শ্বাস প্ৰণালীৰ ৰোগৰ উপশমত সহায়ক- হাঁপানি, লেৰিনজাইটিজ,এমফাইচিমা,চৰ্দি আদিত৷
8. ওজন কমোৱাত সহায়কাৰী ভূমিকা
9. ৰজোনিবৃতি(মেনোপ’জত) উপকাৰী প্ৰভাৱ
10. ডায়েবেটিজ আৰু স্নায়ুৰোগ – কেপচিকামৰ বিশেষকৈ সেউজীয়া কেপচিকামৰ তেজৰ চুগাৰ হ্ৰাস কৰাৰ ক্ষমতা (Hypoglycemic action) দেখা যায়৷ Diabetic Neuropathyৰ প্ৰভাৱ কম কৰে৷
11. হাঁড়ৰ উপকাৰিতা- Rheumatoid arthritis আৰু আন আন বাতজনিত বিষৰ উপশম ঘটায়৷
12. পাক প্ৰণালীৰ উপযোগী- ডায়েৰিয়া,পেপ্টিক আলচাৰ, পেট-বিষ নিয়ন্ত্ৰণ কৰে৷
13. গৰ্ভকালত উপকাৰিতা- কেপচিকামৰ ফ’লেটে গৰ্ভস্থ সন্তানৰ জন্মগত বিসংগতি (যেনে Spina bifada)ৰোধ কৰে৷
14. চকুৰ বিষ উপশম ঘটায় আৰু দৃষ্টিশক্তি বঢ়ায়৷
15. মাইগ্ৰেইন আৰু আন মূৰৰ বিষ উপশম ঘটায়৷
16. চাইনোচাইটিচ নিয়ন্ত্ৰণত অৱদান আগবঢ়ায়৷
17. বিষহাৰক গুণৰ উপকাৰিতা (anti-inflammatory action)
18. অন্যান্য- ক্ৰনজ ডিজিজ চিকিৎসাত সহায়কাৰী৷
কিদৰে কেপচিকাম ব্যৱহৃত হয়?
কেপচিকাম সিজাই,কেঁচাকৈ চালাডৰ দৰে,আচাৰ বনাই, পিজ্জাত টপ হিচাবে দি ব্যৱহাৰ কৰা হয়৷ মাংস আৰু মাছৰ আঞ্জাত কেপচিকাম ব্যৱহাৰ কৰা হয়৷ কোনোৱে ইয়াৰ পাউদাৰ কীটনাশক হিচাবেও ব্যৱহাৰ কৰে৷
আন আন দৰবৰ সৈতে হব পৰা অহিতকাৰী ক্ৰিয়া (Drug interaction )-
• শ্বাস কষ্ট কমাবলৈ প্ৰয়োগ কৰা থিয়’ফাইলিনৰ ক্ৰিয়া কেপচিকামে বঢ়াই তুলিব পাৰে৷
• এন্টিক’এগুলেন্ট আৰুএন্টিপ্লেটলেট (যেনে এচপ্ৰিন, ক্লপিডগ্ৰিল)দৰবৰ সৈতে ক্ৰিয়া কৰে৷
• ৰক্তচাপ নিয়ন্ত্ৰণ কৰা এচ-ইনহিবেটৰ(যেনে এনালাপ্ৰিল,কেপ্টপ্ৰিল,লিচিন’প্ৰিল) আদিৰ সৈতেও ক্ৰিয়া কৰে৷
• আটাইতকৈ বিপদজনক পাৰ্শ্বক্ৰিয়া কোকেইন সেৱনকাৰীৰ ক্ষেত্ৰ হব পাৰে৷ এনেলোকে কেপচিকাম গ্ৰহণ কৰিলে হাৰ্টএটেক হৈ মৃত্যুমুখতো পৰিব পাৰে৷
সতৰ্কতা –
– ডায়েলাইচিচৰ ৰোগীয়ে নিজৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে কেপচিকাম গ্ৰহণ কৰিব৷ কিয়নো কেপচিকামত চ’ডিয়াম তেনেই সামান্য থাকিলেও প’টেচিয়াম উচ্চ মাত্ৰাত থাকে৷
– কেপচিকামৰ মলম বা ক্ৰিম কটা ঘাঁত লগাব নালাগে৷
– মলম বা ক্ৰিম গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃয়ে ব্যৱহাৰ কৰিব পাৰে৷ খোৱাৰ ক্ষেত্ৰত সীমিত মাত্ৰাতহে খাব৷
ঔষধ হিচাবে কেনেদৰে কেপচিকাম ব্যৱহাৰ হয় ?
বিষহাৰক মলম বা ক্ৰিমত অতি বেচিকৈ প্ৰয়োগ হয় ৷ লিগন’কেইনৰ সৈতে মিহলাই নাকত দিয়া জুলীয়া দৰব অতিমাত্ৰা গুৰুতৰ মূৰৰ বিষত প্ৰয়োগ কৰা হয়৷ কিছুমান প্লাষ্টাৰ কৰা সামগ্ৰীত বিষহাৰক হিচাবে কেপচিকাম ব্যৱহৃত হয়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close