বিশেষশীৰ্ষস্বাস্থ্য

কেইটামান ঘৰুৱা আয়ুৰ্বেদিক চিকিৎসা

উৎস: ইন্টাৰনেট

মানুহৰ জীৱন মানেই সুখ- দুখ, আশা- নিৰাশা, পোৱা-নোপোৱাৰ এক বৃহৎ অংক। এইবোৰৰ মাজতেই আকৌ বেমাৰ আজাৰো এক অবিচ্ছেদ্য অংগ। কিন্তু বেমাৰ হল বুলিয়েই প্ৰতি মুহূৰ্ততে ঔষধ সেৱন কৰাটোৱো হৈছে স্বাস্থ্যৰ বাবে যথেষ্ট হানিকাৰক। কিন্তু নোখোৱাকৈ থাকিবও নোৱাৰি। সেয়ে আজি আমি আপোনালোকলৈ লৈ আহিছো কেইটামান ঘৰুৱা আয়ুৰ্বেদিক চিকিৎসা। ই পাৰ্শ্বক্ৰিয়াবিহীন হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী।

 

তলত ইয়াৰ চমু আভাষ দাঙি ধৰা হল:

১)এচিডিটি– এচামুচ মৌৰ লগত এচামুচ আমলসীৰ ৰস মিহলাই দিনত দুবাৰ খালে আৰোগ্য পোৱা যায়
২)হেঁকেটি আহিলে– মিহিকৈ আদা চকলাই খালে হেঁকেটি বন্ধ হয়|
৩)এলাৰ্জী–কেঁচা হালধীৰ ৰস একচামুচ আৰু তুলসীৰ ৰস একচামুচ মিহলাই খালে সুফল পোৱা যায়|
৪)ওকণি হলে– দুপৰটেঙা আৰু নিমৰ পাত পিচি মূৰত ভৰন দিনেও ওকণি নহোৱা হয়|
৫)ঘামচি– হেলচি শাক পিহি গাত লগাৱ লাগে|
৬)নিম্ন ৰক্তচাপ–আহাৰৰ লগত দিনে দুটাকৈ পিয়াজ আৰু দুটাকৈ কণী খাৱ লাগে|
৭)জিভাত ঘা হলে–মধুৰিআমৰ কুঁহি পাতৰ আগ তিনিটা পিচি জিভাত লগালে সুফল পোৱা যায় |

উপৰোক্ত বিধানখিনি যথেষ্ট সহজ হোৱাৰ লগতে প্ৰত্যেকৰ ঘৰত সহজতে উপলব্ধ। গতিকে এইখিনি ব্যৱহাৰ কৰি আমি কিছু পৰিমাণে হলেওনিৰোগী হৈ থাকো আহক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close