
কেঁচা জলকীয়া সকলোৰে প্ৰিয়। কেঁচা জলকীয়া খাই ভাল নোপোৱা মানুহৰ সংখ্যা তেনেকৈ কম। সেয়ে আঞ্জাৰ সমান্তৰালকৈ কেচাই খায়ো ভালপায় মানুহে। এই কেঁচা জলকীয়াৰো আছে বহু ঔষধি গুণ। এই সম্পৰ্কে তলত আলোচনা কৰা হল:
১) কেঁচা জলকীয়াত প্রচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট বিটা কেৰটিন থাকে যিয়ে মানুহৰ কাৰ্ডিঅ’ভাষ্কোলাৰ চিষ্টেম সৰ্বদা কর্মক্ষম কৰি ৰখাত সহায় কৰে।
২) কেঁচা জলকীয়া নিয়মিত খালে হাৰ্টৰ বিভিন্ন সমস্যাৰ পৰা বাচি থাকিব পৰা যায়।
৩) কেঁচা জলকীয়াত প্রচুৰ পৰিমাণে ভিটামিন চি থকাৰ বাবে ই চাল আৰু চুলিৰ সুৰক্ষাত বিশেষ ভূমিকা লয়।
৪) নিয়মিত কেঁচা জলকীয়া খালে নার্ভৰ বিভিন্ন সমস্যা কমে।
৫) ঠাণ্ডাৰ দিনবোৰত হোৱা জ্বৰ,কাঁহ, চৰ্দিৰ নিৰাময়ৰ ক্ষেত্ৰতো কেচা জলকীয়াত থকা উপাদান বোৰে অগ্ৰণী ভূমিকা লব পাৰে।
৬) শৰীৰৰত হোৱা সামান্য কটা-চিঙা,ঘা আদি শুকুৱাৰ ক্ষেত্ৰতো ই বৰ উপকাৰী।
৭) কেঁচা জলকীয়াত থকা উপাদান বোৰে শৰীৰৰ মেটাব’লিজিম বৃদ্ধি কৰাৰ লগতে অলাগতিয়াল কলেষ্টেৰল বোৰ বাৰ্ণ কৰে।
৮)কেঁচা জলকীয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ পোৱা যায় যিয়েনেকি মানুহৰ হাঁড়,দাঁত ও মিউকাচ মেমব্ৰেন বোৰ সুস্থ কৰি ৰখাত সহায় কৰে।
৯) কেঁচা জলকীয়াত থকা উপাদান বোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।