অসমবিশেষশীৰ্ষ

কৃষ্ণাই জ্যোতিনগৰত নৱনীত শিৱ মন্দিৰৰ দুৱাৰ মুকলি

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ জ্যোতিনগৰস্থিত ঐতিহ্যমণ্ডিত আঞ্চলিক শিৱ মন্দিৰ প্ৰাংগনত আজি এটি নৱনীত মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় ৷ নৱনীত মন্দিৰ’টি পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰে আনুষ্ঠানিক ভাৱে দুৱাৰ মুকলি কৰে দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ত দীপক কুমাৰ ৰাভাই ৷

উল্লেখ্য যে, জ্যোতিনগৰস্থিত আঞ্চলিক শিৱ মন্দিৰত কৃষ্ণাই অঞ্চলৰ হিন্দুধৰ্মাৱলম্বী লোক সকলে ঐতিহ্যৰে পৰা প্ৰকাণ্ড এডাল গছ আৰু কাষতে থকা এটি সৰু মন্দিৰত ভগৱান শিৱক পূজা-অৰ্চনা কৰি আহিছে ৷ কিন্তু মন্দিৰটো জহিখহি যোৱাত স্থানীয় ৰাইজে দান-বৰঙণিৰে আটকধুনীয়া কৈ এটি সম্পূৰ্ণ মন্দিৰ নিৰ্মাণ কৰে আৰু মন্দিৰটো আজি আনুষ্ঠানিক ভাৱে ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতিৰে দুৱাৰ মুকলি কৰে ৷ দুৱাৰ মুকলি অনুষ্ঠানত অতিথি হিচাপে দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা, কৃষ্ণাই বিজেপি মণ্ডল সমিতিৰ সভাপতি প্ৰহ্লাদ ৰাভা, বিজেপি কৰ্মী সঞ্জয় সৰকাৰ, ৰাজু সৰকাৰ, ভৱটছ সৰকাৰ, সুব্ৰুত দাস, স্বপন ঘোষ, হিৰণময় ৰাভাৰ উপৰিও কেইবাগৰাকী বিশিষ্ট সমাজসেৱক উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close