অসম

কৃষ্ণাইৰ চোটমাটিয়াত প্ৰীতি ফুটবল প্ৰতিযোগিতা

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই ১৪ নৱেম্বৰ

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী চোটমাটিয়াত দুখন চিকিৎসালয়ৰ মাজত প্ৰীতি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ছোটমাটিয়াৰ ডিৰ্মাজাখিলি হাইস্কুল খেলপথাৰত খাৰদাং এম পি এইছ চি চিকিৎসালয় ফুটবল দ’ল আৰু ডিৰ্মাজাখিলি ৰাজ্যিক চিকিৎসালয় ফুটবল দ’লৰ মাজত অনুষ্ঠিত হয় ৷ গোৱালপাৰাত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত দুই চিকিৎসালয়ৰ মাজত হোৱা এই বিশেষ ফুটবল খেলখন উপভোগ চাবলৈ সহস্ৰাধিক ক্ৰীয়াপ্ৰেমীক লোক উপস্থিত হয় ছোটমাটিয়া হাইস্কুল খেলপথাৰত ৷ দুয়ো দ’লৰ মাজত নিৰ্ধাৰিত ৯০ মিনিটৰ খেলখন অতি আকৰ্ষণীয় মূলক হৈ পৰাত প্ৰথমে ডিৰ্মাজাখিলি ৰাজ্যিক চিকিৎসালয় দ’লে খাৰদাং এম পি এইছ চি দ’লটিক ১ গ’ল দিয়ে যদিও অন্তিম পৰ্যায়ত যুদ্ধকালিন ভাৱে খাৰদাং এম পি এইছ চি দ’লে পুণৰ ডিৰ্মাজাখিলি চিকিৎসালয়ক ১ গ’ল দিবলৈ সক্ষম হয় ৷ দুয়ো দ’লৰ মাজত ১-১ গ’ল হোৱাত খেল পৰিচালক সকলে ট্ৰাইবেকাৰ অনুষ্ঠিত কৰাৰ বিপৰীতে উক্ত ট্ৰাইবেকাৰ খেলত খাৰদাং এম পি এইছ চি দ’লে ৩-২ গ’ল ব্যৱধানত ডিৰ্মাজাখিলি ৰাজ্যিক চিকিৎসালয়ক পৰাস্ত কৰে ৷ প্ৰীতি মূলক খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভা, কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন ভূঞাৰ লগতে কেইবাজনো বিশিষ্ট লোক তথা সমাজসেৱক উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close