অসমবিশেষশীৰ্ষ

কৃষ্ণাইত বিনামূলীয়া চিকিৎসা শিৱিৰ

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ খৰিধৰাত অলপতে বিনামূলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত হয় ৷ গোৱালপাৰা আহলে ওৱান জামাত পৰিচালনা সমিতি ৰ উদ্যোগত মোলানডুবি গাওঁ পঞ্চায়ৰ সহযোগত খৰিধৰাস্থিত মোলানডুবি গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে এখন্তেক দুখীয়াৰ লগত শীৰ্ষক বিনামূলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত হয় ৷ কেইবাগৰাকী চিকিৎসকে চিকিৎসা শিৱিৰত উপস্থিত থাকি ৰোগী সকলক নাক, কাণ, চকু, ডিঙি আদি স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া চিকিৎসা তথা ঔষধ বিতৰণ কৰে ৷ আনকি ৰোগী সকলক প্ৰয়োজন সাপেক্ষে বিনামূলীয়াকৈ অস্ত্ৰপচাৰৰ ব্যৱস্থাও কৰিছে জানিবলৈ দিয়ে উদ্যোগতা সকলে ৷ উল্লেখ্য যে, গোৱালপাৰা জিলা আহলে ওৱান জামাত পৰিচালনা সমিতিয়ে সময়ে সময়ে দুখীয়া ৰাইজক চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায় বিমামূলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰি আহিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close