অসমবিশেষশীৰ্ষ

কৃষ্ণাইত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

গোৱালপাৰা জিলাৰ কৃষ্ণাইত আন আন বছৰৰ দৰে এই বেলিও দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস দিনাৰে পৰা অনুষ্ঠিত হয় কৃষ্ণাই প্ৰিমিয়াৰ লীগ (কে.পি.এল.) দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা ৷ কৃষ্ণাই প্ৰিমিয়াৰ লীগ চমুকৈ কেপিএল ৰ দিবা-নৈশ ক্ৰিটেক প্ৰতিযোগিতাৰ এইবেলি দশম বাৰ্ষিক ৷ এই দশম বাৰ্ষিক ক্ৰিকেট প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়কে ধৰি সৰ্বমুঠ ৫৪ টা ক্ৰিকেট টীমে অংনগ্ৰহণ কৰিছে কেপিএল ত ৷ কেপিএলক লৈ কৃষ্ণাই হাব্ৰাঘাট উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ উদুলি-মদুলি পৰিৱেশ ৷ প্ৰথমখন খেলত দিবা-নৈশ কেইবাটাও প্ৰতিযোগি খেল অনুষ্ঠিত হয় ৷ অহা ৩০ জানুৱাৰীত অন্তিম খেল তথা চূড়ান্ত খেল অনুষ্ঠিত হব ৷ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে কেপিএল সমিতিয়ে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close