অসমবিশেষশীৰ্ষ

কৃষ্ণাইত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আছু-আমছুৰ

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

গোৱালপাৰা জিলাৰ কৃষ্ণাইত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷কৃষ্ণাই আঞ্চলিক আমছুৰ সদস্য সকলে কালি সদ্য ঘোষিত হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি কৃষ্ণাই অঞ্চলত গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী সকলক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনায়৷

কৃষ্ণাই অঞ্চলৰ কেইবাগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক আমছুয়ে এখনি ফুলাম গামোছা,এজোপা গছপুলি আৰু এখনকৈ মাস্ক প্ৰদান কৰে৷সম্বৰ্ধনা অনুষ্ঠানত গোৱালপাৰা জিলা আমছুৰ সভাপতি,কৃষ্ণাই আঞ্চলিকৰ সভাপতি-সম্পাদক তথা বিষয়ববীয়া সকল উপস্থিত থাকে৷আনহাতে দুদিন পূৰ্বে কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থাৰ (আছু) নেতা-কৰ্মী সকলেও কৃষ্ণাই অঞ্চলত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক ঘৰে ঘৰে গৈ শুভেচ্ছা জনোৱাৰ লগতে সম্বৰ্ধনা জনায়৷উল্লেখ্য যে, কৰ’ণা ভাইৰাছ সংক্ৰমণৰ পৰা সুৰক্ষিত থাকিবলৈ চৰকাৰে বান্ধি দিয়া সামাজিক নিয়ম-নীতি তথা নিৰ্দেশাৰ প্ৰতি সহাৰি জনাই আনুষ্ঠানিক অনুষ্ঠানৰ বিপৰীতে ছাত্ৰ নেতা সকলে কৃতী ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ শুভেচ্ছা আৰু সম্বৰ্ধনা জনায়৷

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close