অসমবিশেষশীৰ্ষ

কৃষ্ণাইত আৰক্ষীৰ বিশেষ পদক্ষেপ

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

বিগত দেৰ মাহত গোৱালপাৰা জিলাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনাত ২৭ জনকৈ লোকৰ মৃত্যু হৈছিল ৷ এনে দুৰ্ঘটনা ৰোধিবলৈ গোৱালপাৰা আৰক্ষীয়ে বিশেষ পথ সুৰক্ষা সজাগতা ৰেলী অনুষ্ঠিত কৰে ৷ জিলাখনত সঘনে সংঘটিত হৈ থকা পথ দুৰ্ঘটনা ৰোধিবলৈ আজি কৃষ্ণাইত আৰক্ষীয়ে ৰাইজৰ সহযোগত উলিয়াই পথ সুৰক্ষা সজাগতা ৰেলী । জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্ব উলিওৱা পথ সুৰক্ষা সজাগতা সমদত কৃষ্ণাই বজাৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা যান-বাহনত উঠি যাত্ৰী, চালক তথা ৰাইজক নিজৰ পৰিচয় দি ৰাইজক সজাগ কৰাৰ লগতে চালক সকলক যান বাহন আইন মানি চলি যান-বাহন চলাচল কৰিবলৈ অনুৰোধ জনায় । আজিৰে পৰা আৰম্ভ হোৱা এই অভিযান সজাগতামূলক ৰেলী মাহযোৰা কাৰ্যসূচীৰে চলিব বুলি আৰক্ষী বিষয়া তথা আৰক্ষী সকলে জানিবলৈ দিয়ে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close