
ভাৰতীয় কুংফু-উশ্বু সন্থাৰ অধীনস্থ অসম কুংফু-উশ্বু সন্থাৰ উদ্যোগত অনুস্থিত ‘কুংফু-উশ্বু চেম্পিয়নশ্বিপ’ত বৰপেটা জিলা দলে ছয়টা পদক লাভ কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অসম কুংফু-উশ্বু সন্থাৰ উদ্যোগত নলবাৰী জিলাৰ চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদত ৫-৭ জানুৱাৰীলৈ অনুস্থিত প্ৰতিযোগিতাখনত বৰপেটা জিলা দলে দুটা সোণ, তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে।ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰায় তিনিশ প্ৰতিযোগীয়ে অংশগ্ৰহন কৰা এই প্ৰতিযোগিতাখনত বৰপেটা জিলা দলৰ হৈ হাছিবুল হাছান আৰু সূৰভ দাসে সোণপ পদক লাভ কৰাৰ লগতে ৰিমজিম দাস, হিয়া দাস, অভিষেক ওজাই ৰূপৰ পদক আৰু আব্দুল তাৰিক আজিজে ব্ৰঞ্জৰ পদক লাভ কৰে। বৰপেটা জিলাৰ পৰা মুঠ চৈধ্যগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহন কৰা এই প্ৰতিযোগিতাখনত ছয়গৰাকী খেলুৱৈৰ এনে সাফল্যই জিলাখনৰ ক্ৰীয়াপ্ৰেমী ৰাইজৰ বাবে নতুন বছৰত সুখবৰ কঢ়িয়াই আনিছে।