অসমবিশেষশীৰ্ষ

“কা” আন্দোলৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলিৰে সুৱঁৰিলে বৰপেটা আঞ্চলিক ছাত্র সন্থাই

মফিদুল হক, বৰপেটা

সমগ্ৰ দেশ “কা” বিৰোধী আন্দোলনত জপিয়াই পৰাৰ সমান্তৰালভাৱে অসমতো এই আন্দোলনৰ তীব্ৰতা দিনক দিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।এই আন্দোলনৰ ফলতেই অসমৰ পাঁচ জনকৈ নিৰীহ তেজাল যুৱক ফেচিষ্ট অসম চৰকাৰ তথা অসম চৰকাৰৰ ভেৰোণীয়া আৰক্ষী বাহিনীৰ গুলীত প্ৰাণ আহুতি দিয়ে।নতুন বছৰৰ প্ৰথম দিনটোতেই বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাই সৰোভগত নিজ কাৰ্য্যালয়ত শ্বহীদ সকলক বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। সৰভোগত দোকানৰ সন্মুখত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সৰভোগৰ ডেকাৰবড়ী গাঁৱৰ মামুদুল হাচান ,ফাৰহানা চুলতানা আৰু আজমুল আলীয়ৰ উদ্যোগত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close