বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

কাশ্মীৰত বৰফৰ দলিছা

লেহত উষ্ণতা -১৬ ডিগ্রী চেলছিয়াছ

জম্মু-কাশ্মীৰ আৰু লাডাখত এতিয়া বৰফৰ আচ্ছাদন। শীতৰ এই সময়ত তুষাৰপাতৰ ফলত শুভ্র হৈ পৰে জম্মু-কাশ্মীৰ আৰু লাডাখ। মঙলবাৰে নিশালৈ শ্রীনগৰৰ উষ্ণতা আছিল -৪ ডিগ্রী চেলছিয়াছ, ড্রাছত -২৬ ডিগ্ৰী আৰু লেহত – ১৬ ডিগ্রী চেলছিয়াছ। শীত আৰুবৰফৰ এই সময়ছােৱা অঞ্চলবাসীৰ বাবে কষ্টকৰ হলেও অর্থনৈতিক দিশত যথেষ্ট গুৰুত্বপূর্ণ হিচাপে বিবেচিত হয়। বৰফ পৰাৰ লগে লগেই পর্যটকৰ সোঁত বয় জম্মু-কাশ্মীৰ আৰু লাডাখলৈ। বিশেষকৈ নতুন বৰ্ষৰ আৰম্ভণি তথা খ্রীষ্টমাছৰ সময়ছােৱাত বৰফৰ মাজত উমলিবলৈ দেশীবিদেশী পর্যটকৰ প্রথম পছন্দ হৈ পৰে কাশ্মীৰ তথা লাডাখ। এতিয়া সমগ্র জম্মুকাশ্মীৰ আৰু লাডাখ উপত্যকা শুভ্র দলিছাত পৰিণত হােৱাত পর্যটকৰ আগমনৰ বাট প্রশস্ত হৈ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close