অসমচিন্তাজগতবিশেষ

কামৰ সৰু বৰ নাই

অশ্বিনী কছাৰী

অধিক সংখ্যক অসমীয়াই বেপাৰ-বাণিজ্য কৰিবলৈ লাজ কৰে বুলি আমি সঘনাই শুনি পাওঁ।অসমৰ বেপাৰ-বাণিজ্য ছবিখন যদিহে নিৰীক্ষণ কৰো তেনেহ’লে উক্ত কথাটো মিছা বুলিয়ো ক’ব নোৱাৰো।অসমৰ কোনো এখন চহৰত কিমানজন অসমীয়া ব্যৱসায়ী আছে সেয়া আঙুলি মূৰত গণিব পাৰি।সকলোতে অনা-অসমীয়া ব্যৱসায়ীৰ দপদপনি।অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কোৱা কথা এষাৰলৈ মনত পৰে-“যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে,সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে”।গতিকে আমি নিজকে ৰক্ষা কৰিব লাগিব।অসমৰ পথাৰ,অসমৰ বজাৰ আমাৰ হাতলৈ আনিব লাগিব।লাজক নিচিনি আমি অসমীয়া সকলে ওলাই আহিব লাগিব।ইয়াতে এষাৰ কথা ক’বই লাগিব যে অসমীয়া সকলে তেতিয়াহে বেপাৰ-বাণিজ্য কৰিবলৈ ওলাই আহিব যেতিয়া আমাৰ সমাজখনে যিকোনো কৰ্মক সন্মান দিব জানিব,সৰু কাম কৰে বুলি নাহাঁহিব।আজি-কালি দুই-এজন অসমীয়া ওলাই আহিছে যদিও সেয়া যথেষ্ট নহয়।আমি অসমীয়া সকল বেছিকৈ চাকৰিমুখী ।আমাৰ সমাজখনে,আমাৰ অভিভাৱক সকলে,আমাৰ শিক্ষক সকলে এজন ল’ৰা বা এজনী ছোৱালীয়ে চৰকাৰী চাকৰি পোৱাতহে বেছিকৈ গুৰুত্ব দিয়ে।মূল কথাটো হ’ল চৰকাৰী চাকৰি কৰাজনক সন্মান দিয়ে।ব্যৱসায়ী জনক সন্মান নিদিয়ে;হাঁহে,ইতিকিং কৰে।আমাৰ শিক্ষা চাকৰিমুখী শিক্ষা।যেতিয়ালৈকে আমাৰ শিক্ষা ব্যৱস্থাটো পৰিৱৰ্তন নহ’ব তেতিয়ালৈকে অসমৰ নিবনুৱা সমস্যাটো সমাধান নহ’ব বুলি ভাবো।যিসকল শিক্ষকে এই চুটি লেখাটো পঢ়িব,তেওঁলোকক অনুৰোধ কৰিছো যে আপোনালোকে ছাত্ৰ-ছাত্ৰীক মাজে-সময়ে স্বনিৰ্ভৰশীল বিষয়টোৰ ওপৰত জ্ঞান দিয়ে যেন।যিসকল ব্যক্তিয়ে লাজ কৰে,সেইসকলক কৈছো-আপোনালোকে লাজ নকৰিব।সনদীপ মহেশ্বৰীয়ে কৈছিল-আপোনাৰ বাধা আপুনি নিজেই আৰু আপোনাৰ সমাজখন।গতিকে আপুনি আপোনাৰ বাধাসমূহ আতৰাব লাগিব।প্ৰথমতে আপোনাৰ সমাজখনে আপোনাক কোৱা কথাখিনিত গুৰুত্ব দিব নালাগিব।মনত ৰাখিব যে সমাজ এখনত কোৱা মানুহ বহুত থাকে কিন্তু সহায় কৰা মানুহ খুউব কমেই থাকে।দ্বিতীয়তে আপোনাৰ বাধা আপুনি নিজেই।কিয়নো আপুনি লাজ কৰে,ভয় কৰে।আপুনি ওলাই আহক,বেপাৰ-বাণিজ্য কৰক আৰু দেখুৱাই দিয়ক মই কোন।আমাৰ সমাজত থকা চাকৰিমুখী ধাৰণাটো ভাঙি পেলাওঁক।আমি অসমৰ নতুন প্ৰজন্ম।ইচ্ছা কৰিলে আমি অসমৰ পৰিৱেশ সলাই দিব পাৰো।গতিকে আমি ওলাই আহিব লাগে আৰু ওলাই আহক-এয়া মোৰ দৰে নৱ প্ৰজন্মলৈ অনুৰোধ।
প্ৰথমতে আমি জনা সকলেই ওলাই আহিব লাগিব তেতিয়া আমাক দেখি অন্য এজনে ওলাই আহিব।যিসকলে কামৰ সৰু-বৰ নিৰ্বাচন কৰে,সেইসকললৈ এটা উদাহৰণ দিছোঁ-ফুটপাথত ম’ম’ বিক্ৰী কৰা এজন ম’ম’ৱালাই মাহেকত কিমান টকা উপাৰ্জন কৰে।এইবোৰ কথা মই জানো কিয়নো মই নিজেই মৰিগাঁৱ চহৰৰ মূল চাৰিআলিত বৰ্তমান ম’ম’ বিক্ৰী কৰি আছো।এদিনত ম’ম’ বিক্ৰী হয় একেবাৰে কম ১২০ প্লেট।এক প্লেটৰ দাম ৩০ টকা।এদিনত বিক্ৰী হয় ১২০ x  ৩০= ৩৬০০ টকা।এমাহত বিক্ৰী হয় ৩৬০০ x ৩০=১০৮০০০ টকা।এমাহত খৰচ হয় ৪০০০০টকা(কেতিয়াবা দুই-এটকা কম-বেছি হয়)।গতিকে এমাহত লাভ হয় ১০৮০০০-৪০০০০=৬৮০০০টকা।দুজনে ভাগ কৰি ল’লে পাব ৩৪০০০ টকাকৈ।কিয়নো ম’ম’ বনাবলৈ দুজন ব্যক্তি প্ৰয়োজন হয়।এই উদাহৰণটোৱে যথেষ্ট।এনেকুৱা বহু উদাহৰণ আছে যিবিলাক নক’লেও হ’ব।এই উদাহৰণটো পঢ়িয়ে জনা সকলে বুজিছে যে কামৰ সৰু-বৰ নিৰ্বাচন কৰি একো লাভ নাই।শেষত কওঁ যে লাজ নকৰি সকলোৱে বেপাৰ-বাণিজ্য কৰিবলৈ ওলাই আহক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close