অসম

নিঃসহায় বৃদ্ধালৈ সহায়ৰ হাত

ৰূপ জ্যোতি ভূঞা,কামপুৰ

যাান্ত্ৰীকতা পৃথিৱীৰ ব্যস্ত ময় সময় বোৰতো মানবতৰা যে অবক্ষয় হোৱা নাই তাকেই প্ৰমান হল কামপুৰত ।নিশা এগৰাকী নিঃসহায় বৃদ্ধাক পথৰ দাতিৰ পৰা উদ্ধাৰ কৰি মানৱতাৰ পৰিচয় দিলে কামপুৰৰ একাংশ হৃদয়বান লোকে ।উল্লেখ্য যে সোমবাৰৰ নিশা এক হৃদয় বিদাৰক ঘটণা সংঘটিত হয় নগাওঁ জিলাৰ কামপুৰত ।অতিকে মুমুৰ্ষ্ অৱস্থাত পথৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰৱ হয় এগৰাকী বৃদ্ধাৰ ।
কামপুৰ কঠিয়াতলী্ পথৰ নতুন মাজৰআটিত প্ৰায় সত্তৰ বছৰীয়া বৃদ্ধা গৰাকীক উদ্ধাৰ কৰে স্থানীয় লোকে ।মুৰ্মষ অৱস্থাত কামপুৰ কঠিয়াতলী পথৰ কাষৰ ঘাঁহৰ ওপৰত কেকাই কেকাই শুই আছিল বৃদ্ধাা গৰাকী ।স্থানীয় লোকে বৃদ্ধা গৰাকীক উদ্ধাৰ কৰি আৰক্ষীক গতাই দি চিকিৎসাৰ ব্যৱস্থা কৰে স্থানীয় লোকে । বৃদ্ধা গৰাকীয়ে নেপালী ভাষাত কথোপকথন কৰিছে যদিও ভালকৈ কোনো কথাই কব পৰা নাই ।বৃদ্ধা গৰাকীয়ে ঘৰ পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিত বুলি প্ৰকাশ কৰিছে।বৰ্তমান কামপুৰ থানাই বৃদ্ধা গৰাকীক ৰাঙলুৰ গ্ৰাম বিকাশ পৰিষদৰ বৃদ্ধাশ্ৰমত ৰখাৰ ব্যৱস্থা কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close