
পুনৰ আন এক ভাল খবৰ। কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা হব এখন উৰণীয়া সেতু। সেতুখনৰ মুঠ দৈৰ্ঘ্য হব ৩৬ কিলোমিটাৰ। সেতুখনৰ নিৰ্মাণত ব্যয় কৰা হব সৰ্বমুঠ ২,৬০০ কোটি টকা। এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুকবৈদ্য। ইতিমধ্যে এন এইচ এ আয়ক এই দায়িত্বভাৰ দিয়া হৈছে। তেওঁলোকে শীঘ্ৰেই সেতু নিৰ্মাণৰ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰিব। তথ্য অনুসৰি পৰিবেশ অনুকূল এই সেতুখন বুঢ়া পাহাৰৰ সমীপৰ পৰা আৰম্ভ কৰা হব। সকলো ঠিক থাকিলে আগন্তুক ২০২০-২১ বৰ্ষৰ পৰা আৰম্ভ হব সেতু নিৰ্মাণৰ কাম।এই কথা ঘোষণাৰ পিছতেই এতিয়া প্ৰকৃতিপ্ৰেমীলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। যদিহে এই দীৰ্ঘদিনীয়া সপোনে বাস্তৱ ৰূপ পায় তেন্তে ই অসমৰ ইতিহাসতো অন্য দিগন্তৰ বাট মুকলি কৰাত যথেষ্ট সহায়ক হব বুলি ঠাৱৰ কৰা হৈছে।