অসমবিশেষশীৰ্ষসাংস্কৃতিক

“কাজল সনা চকুৱে তুমি মইনাজান” শীৰ্ষক গীতৰ এলবাম মুক্তি

চন্দন শৰ্মা, জামুগুৰিহাট

ইংৰাজী নৱ বৰ্ষৰ লগতে আগুন্তুক ভোগালী বিহু উপলক্ষে শোণিতপুৰ জিলাৰ ঐতিহ্যমন্দিত জামুগুৰিহাটৰ উদিয়মান কন্ঠশিল্পী হিচাপে পৰিচিত প্ৰীতম কাশ্যপে সমুহ অসমবাসী ৰাইজলৈ বুলি “কাজল সনা চকুৱে তুমি মইনাজান ২০২০” শীৰ্ষক গীতৰ এলবামটি মুক্তি দিয়াৰ লগতে উপহাৰ হিচাপে আগবঢ়াই ।

উক্ত গীতটোত কন্ঠ নিগৰোৱাৰ লগতে কথা আৰু সুৰ দিছে জামুগুৰিহাটৰ উদিয়মান কন্ঠশিল্পী প্ৰীতম কাশ্যপ, সংগীত ব্যৱস্থাপনাৰ লগতে শব্দ সংমিশ্ৰণ কৰিছে অৰ্ণৱ নাথ, বাঁহী বাদক হিচাপে পবিত্ৰ বৰা আৰু ঢোল বাদক হিচাপে প্ৰিজম বৰুৱাৰ লগতে জ্যোতিপ্ৰকাশ বৰুৱা । জামুগুৰিহাটৰ এইসকল শিল্পীৰ এনে সুন্দৰ প্ৰয়াসক অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে । সদৌ শেষত শিল্পীসকলে সমুহ অসমবাসী ৰাইজক নৱ বৰ্ষৰ লগতে আগুন্তুক ভোগালী বিহুৰ হিয়া ভৰা উলগ যচাৰ লগতে গীতটো সকলোৱে আদৰি লোৱাৰ কামনা কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close